ETV Bharat / state

Deadbody Recovered: ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ; ঘটনাই লৈছে নতুন মোৰ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:00 PM IST

ডিব্ৰুগড়ৰ বকুল বাইপাছত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰৰ ঘটনাই লৈছে নতুন মোৰ ৷ পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ যুৱতীৰ মাতৃৰ ৷

Young Woman Found Dead At Bokul Bypass
ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা

বকুল বাইপাছত ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ বকপৰা বকুল বাইপাছত দেওবাৰে পুৱাৰ ভাগত ৰহস্যজনকভাৱে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই লৈছে নতুন মোৰ ৷ বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ বাইপাছত পুৱাৰ ভাগত উদ্ধাৰ কৰা হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ৷ এই ঘটনাই ডিব্ৰগড়ত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

ইফালে যুৱতীগৰাকীৰ কাষতে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হয় আন এজন যুৱক ৷ মৃত যুৱতীগৰাকী ডিব্ৰুগড়ৰ খলিহামাৰিৰ বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷ মাইজানৰ আজিজ আহমেদ নামৰ বিবাহিত যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Ill after vaccinations : প্ৰতিষেধক বেজী লোৱাৰ পিচতে মৰিয়নীত অসুস্থ দুটি শিশু, স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

শনিবাৰে আবেলি আজিজৰ সৈতে যুৱতীগৰাকী গৈছিল নৈশ ভোজলৈ ৷ শেষবাৰৰ বাবে নিশাই মাতৃৰ সৈতে কথা হৈছিল যুৱতীগৰাকীৰ ৷ ইফালে ভৰি, মূৰ আৰু চকুত আঘাত পোৱা যুৱতীগৰাকীৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে মাতৃয়ে ৷

দাবী-ধমকি তথা ভয়-ভাবুকি দি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়া আজিজৰ ফাঁচীৰ দাবী জনাইছে মাতৃয়ে ৷ ইফালে দেওবাৰে সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি ডিব্ৰুগড় চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ পুৱা দুৰ্ঘটনা প্ৰত্যক্ষ কৰা ৰাইজে এইয়া দুৰ্ঘটনা নহয় বুলি অভিযোগ কৰিছে ৷

এই সমগ্ৰ ঘটনাই বৰ্তমান ৰহস্যৰ সৃষ্টি কৰিছে ৷ কিয়নো যুৱতীগৰাকীয়ে ভৰি, মূৰত যথেষ্ট আঘাত পাইছে যদিও যুৱকজনৰ দেহত আঘাতৰ চিন নাছিল ৷ এতিয়া মাতৃৰ গুৰুতৰ অভিযোগৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত কেনেকৈ আগবঢ়াই নিয়ে সেয়াহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : Gitanagar road accident : ভাৰতী গেছ এজেঞ্চিয়ে খান্দি থোৱা গাঁতত সোমাই আহত i20 বাহনৰ চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.