বৰপেটাৰোডত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী

By

Published : May 26, 2023, 12:28 PM IST

thumbnail

বৰপেটাৰোড, ২৬ মে’: বৰপেটাৰোড আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে (Peddler arrested with huge quantity of Ganja) ৷ ধৃত গাঞ্জা ব্যৱসায়ীটো চান মিঞা বুলি জানিব পৰা গৈছে ৷ গোৱৰ্ধনাৰ সমীপৰ গামাৰীগুৰীৰ চান মিঞাই দীৰ্ঘদিনৰে পৰা গাঞ্জা ব্যৱসায় কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছিল (Huge quantity of Ganja seized in Barpeta Road) ।

চান মিঞাই অইন দিনৰ দৰে বৃহস্পতিবাৰে নিশা প্ৰায় দহ বজাত বৰপেটাৰোডৰ এক নম্বৰ ৰে’লৱে গেটৰ সমীপৰ পাণ-তামোলৰ দোকানত কাৰ্টনৰ ভিতৰত গাঞ্জাসমূহ ভৰাই বিক্ৰী কৰাৰ বাবে ৰাখি থৈছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গাঞ্জা ব্যৱসায়ীটোক আটক কৰিবলৈ সক্ষম হয় (Ganja in Barpeta Road)।

বৰপেটাৰোড আৰক্ষীয়ে ধৃত চান মিঞাৰ পৰা প্ৰায় তিনি কিলো গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খনিকৰৰ লগতে বৰপেটাৰোড পৌৰসভাৰ ৱাৰ্ড কমিচনাৰো উপস্থিত আছিল ৷ সম্প্ৰতি বৰপেটাৰোড আৰক্ষী থানাত ধৃত চান মিঞাৰ জেৰা অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে (Barpeta Road Police Station)৷ 

লগতে পঢ়ক: Fake currency seized: দৰঙৰ ধূলাত জাল নোটসহ আটক এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.