Fake currency seized: দৰঙৰ ধূলাত জাল নোটসহ আটক এজন

By

Published : May 25, 2023, 10:09 PM IST

thumbnail

মঙলদৈ, 25 মে’ : দৰঙৰ ধূলা আৰক্ষীৰ এক বিশেষ সফলতা (Darang police operation)৷ বুধাবাৰে নিশা এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত দৰঙৰ ধূলা আৰক্ষী থানাৰ আৰক্ষীয়ে চলায় এক অভিযান ৷ দৰঙৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সন্দিকৈৰ নেতৃত্বত ধূলা আৰক্ষী আৰু পানবাৰী আৰক্ষী চকীৰ সহযোগত ধূলাৰ গলন্দিহাবি গাঁৱৰ নুৰ হুছেইনৰ ঘৰত চলায় এই অভিযান ।

অভিযানত ধূলা আৰক্ষীয়ে বৃহৎ সংখ্যক জাল নোটৰ লগতে সৰবৰাহকাৰি নুৰ হুছেইন নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয় (Fake currency seized at Dhula) । লগতে অভিযানকাৰী দলটোৱে লোকজনৰ ঘৰৰ পৰা প্ৰায় এশখন পাঁচশ টকীয়া জাল নোটৰ লগতে নগদ ২ হাজাৰ টকা, ৭ খন ব্লেক পেপাৰ (Black Paper) আৰু টকা চপোৱা দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় ।

ধূলা আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে ইতিমধ্যে ধূলা আৰক্ষী থানাত 145/23 নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ 420, 489, 489(A), 489(B), 489(C), 489(D),489(E) ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ বৰ্তমান ধৃত লোকজনক মঙলদৈ জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.