গৌৰীপুৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:15 AM IST

thumbnail

ধুবুৰী, 23 নৱেম্বৰ : ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাউসমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় গৌৰীপুৰ আৰক্ষীয়ে ৷  আৰক্ষীয়ে এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ লগতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহিলাসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে তিনি সৰবৰাহকাৰীৰ পৰা এখন বিলাসী বাহনো জব্দ কৰে ৷ ধৃত তিনি সৰবৰাহকাৰী বিশ্বজিৎ আলী, হৰ্ষজিত শ্বেখ আৰু হৰ্ষজিতৰ পত্নী আছমা খাতুন বুলি জানিব পৰা গৈছে ৷ তিনিওকে একেটা পৰিয়ালৰ সদস্য বুলিও জানিব পৰা গৈছে।  

বঙাইগাঁওৰ পৰা ধুবুৰীৰ সীমান্ত অভিমুখে AS 26 F 6664 নম্বৰৰ এখন ছুইফ্ট ডিজাইৰ বাহন এখনেৰে আহি থকাৰ খবৰ লাভ কৰিছিল ৷ আৰক্ষীয়ে এই গোপন খবৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি বৈশ্যৰ নেতৃত্বত অভিযান চলায় ৷ আৰক্ষীয়ে আঠটা চাবোনৰ বাকচত  ১০০ গ্ৰাম হেৰ’ইন জব্দ কৰে । জব্দকৃত হেৰ’ইনখিনিৰ মূল্য 70 লক্ষ্যাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে ৷ তিনি সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি বুধবাৰে তিনিওকে ধুবুৰী আদালতত হাজিৰ কৰা হয় ৷ আদালতে তিনি অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী: যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.