Road Accident in Rangia: ৰঙিয়াত যাত্ৰীবাহী বাছ আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষ, আহত বহুজন

By

Published : Jan 5, 2023, 12:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰঙিয়াৰ উদিয়ানাৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত দৈনিক দেখিবলৈ পোৱা যায় বিভিন্ন বাহনৰ দৌৰাত্ম্য ৷ এনে দৌৰাত্ম্যৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথচোৱাত বুধবাৰে সন্ধিয়া সংঘটিত হ’ল এটা পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী AS 15 AC 3439 নম্বৰৰ এখন যাত্ৰীবাহী বাছ আৰু জয়ন্তীপুৰ দিশৰ পৰা আহি থকা AS 15 C 3443 নম্বৰৰ এখন ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষ লাগে(Passenger bus and trailer collided in Rangia) । সংঘৰ্ষত নিয়ন্ত্ৰণ হেৰুৱাই জল জীৱন মিছন আঁচনিৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰেইলাৰখনে কাষতে থকা উদিয়ানা চকৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানক মহতিয়াই নিয়ে(Road Accident in Rangia) ৷ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ লগতে সেই স্থানত থকা এখন বাইকৰো ক্ষতিসাধন হয় । লগে লগে উচিয়ানা চকত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ প্ৰাণৰ মমতাত যিয়ে যেনেকৈ পাই তেনেকৈ দৌৰিবলৈ আৰম্ভ কৰে ৷ ইফালে দুৰ্ঘটনাটোত যাত্ৰীবাহী বাছখনৰো ভালেকেইগৰাকী যাত্ৰী আহত হয় ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.