Protest in Barpeta School : চেঙা আদৰ্শ বিদ্যালয়ত অভিভাৱকৰ উত্তাল প্ৰতিবাদ

By

Published : Dec 24, 2022, 3:44 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বৰপেটা জিলাৰ চেঙা আদৰ্শ বিদ্যালয়ত শনিবাৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে (protest at chenga model school) । আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰোপ কৰা মাহিলি মাচুল বাতিল কৰা আৰু চেঙা আদৰ্শ বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী আৰু বিদ্যালয়ত নিয়মিত শিক্ষা দান কৰাক লৈ অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (guardian protest in Barpeta school) । অভিভাৱকৰ এটা বৃহৎ দলে সমদল কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানৰে চেঙা আদৰ্শ বিদ্যালয়ত উপস্থিত হয় । প্ৰতিবাদত মুখৰ হৈ পৰে চেঙা আদৰ্শ বিদ্যালয়ৰ চৌহদ । বিদ্যালয়খনত ৯০ শতাংশ ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে (protest against school fee hike in Barpeta) । এই ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত মাহিলি ৩০০ টকা মাচুল ধাৰ্য কৰা মানেই এইসকল ছাত্ৰ-ছাত্ৰীক শিক্ষালাভৰ পৰা বঞ্চিত কৰা হ'ব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে । ৫৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী থকা চেঙা আদৰ্শ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.