Pabitra Margherita in Sivasagar: দেশৰ আইন-কানুন সকলোৰে বাবে সমান: পৱিত্ৰ মাৰ্ঘেৰিটা

By

Published : May 6, 2023, 2:14 PM IST

thumbnail

শিৱসাগৰ, 6 মে’: দেশৰ আইন-কানুন 140 কোটি জনতাৰ বাবে সমান ৷ আইন-কানুনত আবেগ নাথাকে, থাকে যুক্তিনিষ্ঠতা আৰু আইন ৰক্ষাৰ সংকল্প ৷ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ শৃংখল চলিহা গ্ৰেপ্তাৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শনিবাৰে শিৱসাগৰত এই মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ (Pabitra Margherita Reaction on Srinkhal Chaliha) ৷  

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে, শৃংখল চলিহা অথবা আন কোনো যিয়েই নহওক কিয়, যদি মানুহৰ মুখলৈ থুৱাই দিয়ে, কাটিম-মাৰিম বুলি যদি আগ্ৰাসী ৰূপ লয় তেন্তে এইবিলাক দুস্কৃতি (Srinkhal Chaliha Arrests) ৷ অসমীয়া আৰু ভাৰতীয় সংস্কৃতিত এইবিলাক নাই বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ গতিকে ন্যায়পালিকাই নিজৰ পথ ল’ব, আমি ইয়াত একো কৈ লাভ নাই বুলিও মন্তব্য কৰে তেওঁ (Pabitra Margherita in Sivasagar) ৷

লগতে পঢ়ক: Child abuse by Doctor Couple: ৫ বছৰীয়া তোলনীয়া কন্যাক অমানবীয় নিৰ্যাতন চলাই আটক চিকিৎসক দম্পতী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.