বিজেপিয়ে ধৰ্মৰ ৰাজনীতিৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিছে : দেৱব্ৰত শইকীয়া

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 6:42 PM IST

thumbnail

নিউজ ডেস্ক, 25 ডিচেম্বৰ : ‘‘বিজেপি দলে বিভিন্ন উপায়েৰে ধৰ্মৰ বা বিভিন্ন ৰাজনীতি কৰি অসমৰ জনগণক বিভ্ৰান্ত কৰিছে ৷ উন্নয়নৰ কথা ক’বলৈ অসমৰ জনগণে চিন্তা কৰিব লগা হয় ৷ কাৰণ শিক্ষকসকল নাইবা চৰকাৰী দৰমহা পোৱা সকলক মন্ত্ৰীয়ে হিতাধিকাৰী বুলি কয়’’ ৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘উন্নয়নৰ কথা ক’লে বিজেপিয়ে 4 লাখ মহিলাক পইচা দিম, যুৱকক পইচা দিম বুলি এনেদৰে ভোট কিনাৰ ৰাজনীতি কৰি থাকে ৷ যাৰ বাবে অসমৰ জনগণে ধৰ্মৰ কথা চিন্তা কৰি থাকে ৷ উন্নয়নৰ কথা চিন্তা নকৰে ৷ এয়া দুৰ্ভাগ্যজনক’’ ৷

তেওঁ আৰু কয়, ‘‘আগন্তুক সময়ত চৰকাৰে উন্নয়ন বিচাৰিব ৷ লগতে চৰকাৰে আমাক দি অহা ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ হোৱাটো বিচাৰিব’’ ৷

লগতে পঢ়ক : দুদিনত চাৰিটা এনকাউন্টাৰ অসমত; মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সুধিলে সমস্যা ক’ত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.