ETV Bharat / state

দুদিনত চাৰিটা এনকাউন্টাৰ অসমত; মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সুধিলে সমস্যা ক’ত ?

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 4:45 PM IST

suspected ulfa i linkmen
ulfa i linkmen

Assam police encounter: দুদিনত পাঁচগৰাকীকৈ যুৱকক আলফা(স্বা)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত গুলীয়াই ঘূণীয়া কৰিলে অসম আৰক্ষীয়ে ৷ ইয়াৰে তিনিজনৰ পৰিয়ালে উত্থাপন কৰিছে ভুৱা এনকাউন্টাৰৰ অভিযোগ ৷ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ৷

দুদিনত চাৰিটা এনকাউন্টাৰ অসমত

গুৱাহাটী, ২৫ ডিচেম্বৰ: ৰাজ্যত আলফা(স্বা)ৰ বিৰুদ্ধে আৰম্ভ হৈছে অসম আৰক্ষী আৰু সেনাৰ কঠোৰ অভিযান ৷ উজনিত একে নিশাতে চাৰিগৰাকী যুৱকক আলফা(স্বা)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আৰক্ষীয়ে গুলীচালনা কৰাৰ পিচতেই সোমবাৰে পুৱতি নিশা বাইহাটা চাৰিআলিত আৰক্ষীৰ গুলীত আহত হয় আন এজন যুৱক ৷ এই সন্দৰ্ভত গুৱাহাটীত সোমবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক অঞ্চলত দেওবাৰে পুৱতি নিশা তিনিজনকৈ যুৱক আৰক্ষীৰ গুলীত আহত হয় ৷ যুৱক তিনিজনে আলফালৈ যোৱাৰ প্ৰস্তুতি চলোৱা বুলি ঘৰৰ মানুহেই খবৰ দিছিল আৰক্ষীক ৷ তাৰ পিচতেই আৰক্ষীয়ে তিনিওকে ধৰি আনে আৰু ধলা অঞ্চলত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতেই তিনিওকে গুলীয়াই আৰক্ষীয়ে ৷

একে নিশাই শিৱসাগৰৰ গেলেকীত আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীয়ে আন এজন যুৱকক গুলীয়াই আহত কৰে ৷ কাকপথাৰৰ তিনিযুৱক প্ৰকৃততে আলফালৈ যাব লগা নাছিল আৰু সুৰাৰ ৰাগীতহে এইদৰে কোৱা বুলি পিচত চৰ্চা হোৱাৰ লগে লগেই আৰক্ষীৰ ওপৰত প্ৰশ্ন উঠে ৷ তাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে কয় যে পৰিয়ালৰ লোকে যি অভিযোগ কৰিব সেই অভিযোগৰ ভিত্তিত বিচাৰ হ'ব ।

উল্লেখ্য যে পৰিয়ালৰ লোকে আৰক্ষীক যি কথা অৱগত কৰিছিল জানিব পৰামতে সেয়া নিচসক্ত অৱস্থাত বনভোজ থলীৰ পৰা কৈছিল যুৱক তিনিজনে ৷ কিন্তু ভীতিগ্ৰস্ত হৈ পৰিয়ালৰ লোকে আৰক্ষীক জনালে ৷ এতিয়া যুৱকৰ পৰিয়ালে আৰক্ষীয়ে মিছা অভিযোগত তিনিওজন যুৱকক ভুৱা এনকাউণ্টৰ কৰা বুলি অভিযোগ কৰিছে ।

লগতে পঢ়ক: আলফা(স্বা)ৰ সদস্যৰ সন্দেহত শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলী

মন কৰিবলগীয়া যে আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক অসমৰ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মজিয়ালৈ মাতি থকাৰ সময়তে প্ৰকট হৈছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু আলফা(স্বা)ৰ মাজত এক শীতলযুদ্ধ ৷ উজনিৰ দুঠাইত আলফাই গ্ৰেণেড আক্ৰমণ কৰা বুলি দাবী কৰাৰ পিচতে কথাৰ কটাকটি আৰম্ভ হয় আৰক্ষী সঞ্চালক প্ৰধান আৰু বিদ্ৰোহী সংগঠনটোৰ সৰ্বাধিনায়কৰ ৷

এই বাক-বিতণ্ডা এনে এটা পৰ্যায় পালেগৈ যে, জিপি সিঙে আলফা(স্বা)ক মুকলিকৈ প্ৰত্যাহ্বান জনায় তেওঁৰ কাহিলীপাৰাত বাসগৃহত আক্ৰমণ কৰিবলৈ ৷ আলফা(স্বা) ই এই প্ৰত্যাহ্বান গ্ৰহণ কৰি এসপ্তাহ দেহৰক্ষী অবিহনে গুৱাহাটীত আহ-যাহ কৰিবলৈ কয় ৷ তাৰ পিচতেই গুৱাহাটীৰ মালিগাঁৱৰ পৰা আলফা(স্বা)ৰে জড়িত থকাৰ সন্দেহত তিনিজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷

ইতিমধ্যে ডিজিপিৰ লগতে ৰাজ্যৰ কেতবোৰ স্থানত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ শেহতীয়াকৈ আৰক্ষীয়ে আলফা(স্বা)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত দেওবাৰে উজনিৰ শদিয়া আৰু গেলেকীত চাৰি যুৱকক গুলীয়াই ঘূণীয়া কৰাৰ বিপৰীতে সোমবাৰে পুৱতি নিশা বাইহাটা চাৰিআলিৰ শালমৰাত আন এজন যুৱকলৈ গুলীচালনা কৰে ৷ আলফা(স্বা)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহতে এইদৰে গুলীচালনা কৰি অকালতে ঘূণীয়া কৰা হ’ল যুৱককেইজনক ৷

লগতে পঢ়ক: গুলীবিদ্ধ শদিয়াৰ তিনি যুৱকৰ সৈতে আলফা স্বাধীনৰ নাই কোনো সম্পৰ্ক : আলফা(স্বা)

ইফালে মাটি দালাল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মাটিৰ দালালো দালালেই হয় ।‌ তাৰ কোনো বেলেগ পৰিচয় নাই । সেয়া কংগ্ৰেছ হ’ব পাৰে, বিজেপিও হ'ব পাৰে । কোনো মাটিৰ দালাল সাৰি নাযায় ।

তেওঁ সাংবাদিককক কটাক্ষ কৰি কয়, ‘‘মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা নাজানে বাবে কিছুমান সাংবাদিকে অপ্ৰয়োজনীয় প্ৰশ্ন কৰে । মোক ৰাহুল গান্ধীৰ, অসমৰ গাঁৱৰ সমস্যা, শিক্ষাৰ সমস্যাৰ প্ৰশ্নৰ সোধক; সৰু সাধাৰণ প্ৰশ্ন সুধিব নালাগে । এ পি এছ চি কেলেংকাৰীত কিমান সাংবাদিক জড়িত আছে মই কেতিয়াবা বুমটো ওলোতাই প্ৰশ্ন সুধিছো নেকি‌ সাংবাদিকক ?’’

তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পদক্ষেপৰ বাবে বহুত মানুহে নিজৰ মাটি ওভতাই পাইছে । ইতিমধ্যে বহুত দালালে মাটি এৰি গুছি গৈছে । কিবা অভিযোগ থাকিলে আৰক্ষী আয়ুক্তক অভিযোগ দিব লাগে বুলি ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক: বাইহাটা চাৰিআলিৰ শালমাৰাত এনকাউন্টাৰৰ ঘটনা, আৰক্ষীৰ গুলীত ধৰাশায়ী সন্দেহজনক আলফাৰ লিংকমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.