ক্ষতিগ্ৰস্তসকলৰ বাবে তাৎক্ষণিকভাৱে ২৫ হাজাৰ টকাকৈ সাহায্যৰ ব্যৱস্থা কৰক চৰকাৰে: দেৱব্ৰত শইকীয়া

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:23 PM IST

thumbnail

গুৱাহাটী, ১৪ ডিচেম্বৰ : উজনি অসমত প্ৰৱল শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱাসকলক তাৎক্ষণিকভাৱে ২৫ হাজাৰ টকাকৈ সাহায্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । সকলোৰে জ্ঞাত যে, বুধবাৰে উজনি অসমত হোৱা প্ৰৱল শিলাবৃষ্টিৰ ফলত বহু লোকৰ মূধচত থকা টিনপাতকে আদি কৰি কৃষকসকলৰ খেতিপথাৰৰ শস্য নষ্ট হৈছে । সেয়েহে ক্ষতিগ্ৰস্তসকলৰ বাবে তাৎক্ষণিকভাৱে তেওঁলোকক পুনৰ নিৰ্মাণত সহায় হোৱাকৈ দুৰ্যোগৰ সাহায্য হিচাপে এককালীন নূন্যতম ২৫,০০০ টকাকৈ প্ৰদান কৰিবলৈ বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনায় ।

তেওঁ কয় যে বুধবাৰে বিয়লি উজনিৰ যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ আদি বিভিন্ন জিলাত প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ ফলত বহু লোকৰ ঘৰ-দুৱাৰকে ধৰি কৃষি পথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে । এই ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ যোগেদি সাহায্য প্ৰদানৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনায় ।

লগতে পঢ়ক : শীতৰ মাজতে খোৱাঙত প্ৰচণ্ড শিলাবৃষ্টি ; শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন

তেওঁ দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ আংশিক সাহায্যৰ বিপৰীতে বিশেষ ব্যৱস্থা কৰি ক্ষতিগ্ৰস্ত লোকসকলক অতি কমেও ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনায় । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত শিলাবৃষ্টিয়ে দিলে কাশ্মীৰৰ আমেজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.