Khel Maharan 2023: নগাঁৱত খেল মহাৰণৰ উদ্বোধনী অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:35 PM IST

thumbnail

নগাঁও,১৪ নৱেম্বৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো আৰম্ভ খেল মহাৰণ । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত খেলমহাৰণ ২০২৩ ৰ অধীনত নগৰীয়া স্থানীয় নিকায়সমূহ পৰ্যায়ৰ অন্তৰ্গত নগাঁও পৌৰসভাৰ প্ৰতিযোগিতাসমূহ মঙলবাৰে উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।  

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে ক্ৰীড়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্ৰতিভাক মাৰ্গ দৰ্শন কৰি তেওঁলোকক এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে এই খেলমহাৰণ ২০২৩ মুকলি কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতাক প্ৰশংসা কৰে ।  

২০২৩ চনৰ ১৪ আৰু ১৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া প্ৰতিযোগিতাত নগাঁও পৌৰসভাৰ অধীনৰ ২৬টা মহলাৰ প্ৰতিযোগীয়ে খেল মহাৰণ ২০২৩ৰ অধীনত বিভিন্ন প্ৰতিযোগিতা যেনে দৌৰ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, কাবাডী, ভলীবল, আৰু খো-খো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

খেল মহাৰণৰ উদ্বোধনী অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া শিল্পী পণ্ডিতকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।  

লগতে পঢ়ক: Khel Maharan 2023: মন্ত্রী পীযুষ হাজৰীকাই লখিমপুৰত আৰম্ভ কৰিলে মহাৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.