Gambling in Kalgachia: কলগাছিয়াৰ বিভিন্ন স্থানত দিনে-নিশাই চলিছে অবৈধ জুৱা

By

Published : May 24, 2023, 5:35 PM IST

thumbnail

জনিয়া, 24 মে’: কলগাছিয়াৰ মোৱামাৰী, বলাইপথাৰকে ধৰি বিভিন্ন অঞ্চলত দিনে-নিশাই চলিছে অবৈধ জুৱাখেল ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ কলগাছিয়া অঞ্চলত সঘনাই চলি আহিছে এই অবৈধ জুৱা খেল ৷ আজি ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে কেমেৰাত আৱদ্ধ কৰে কেইবাঠাইতো চলি থকা অবৈধ জুৱা (Open gambling in Kalgachia)  ৷  

বলাইপাথাৰত পথাৰৰ মাজত, পুখুৰীৰ পাৰৰ ঘৰত চলিছে অবৈধ জুৱাৰ আড্ডা ৷  ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাগ লৈছে জুৱাৰ আড্ডাত ৷ কিন্তু সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে জুৱাৰীৰ দলে (Gambling in Kalgachia) ৷  

আনহাতে মুৱামাৰী চৰৰ একাংশ যুৱকো এতিয়া উবুৰি খাই পৰা দেখা গৈছে এই জুৱা খেলত ৷ পিছে সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে জুৱাৰীৰ দলে । গাঁও প্ৰধান, অভিভাৱক তথা সমাজৰ সচেতন মহলৰ নিষ্ক্ৰিয়তাৰ বাবে এইদৰে ৰাস্তাই ঘাটে জুৱাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন হৈছে (Open gambling in various parts of Kalgachia) ।

লগতে পঢ়ক: Smugglers of fake gold:লখিমপুৰত থানাই থানাই নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.