Smugglers of fake gold:লখিমপুৰত থানাই থানাই নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ

author img

By

Published : May 24, 2023, 4:27 PM IST

Lakhimpur SP Anand Mishra

লখিমপুৰ জিলাত দীর্ঘদিনৰ পৰা চলি আহিছে অপৰাধজনিত ঘটনা ৷ এতিয়া জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ হুংকাৰত কঁপিছে অপৰাধী চক্ৰ (Lakhimpur SP Anand Mishra)। জিলাখনত আত্মসমৰ্পণ কৰিছে নকল সোণ, জালনোটৰ ব্যৱসায়ীয়ে ৷

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ত্ৰাস

লখিমপুৰ, ২৪ মে':আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তিৰ লগে লগে স্বস্তিৰ নিশ্বাস এৰিছে ৰাইজে ৷ জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ-নকল টকাৰ বেপাৰীৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ পিচতেই জিলাখনত অপৰাধী চক্ৰই টোপনি হেৰুৱাই ঢাপলি মেলিছে আৰক্ষী থানালৈ । ফলত আত্মসমৰ্পণ কৰিবলৈ শাৰী পাতিছে এটাৰ পাচত এটাকৈ কেইবাটাও নকল সোণ-নকল টকাৰ বেপাৰীয়ে (Accused surrendered at Lakhimpur) ৷

দ্য ৰিয়েল হিৰ'ৰ লেখীয়া হৈ পৰিছে লখিমপুৰৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Lakhimpur SP Anand Mishra)। জোনমণি কাণ্ডই লখিমপুৰত চলি থকা নকল সোণ, জাল নোটৰ কলা সাম্ৰাজ্যখনৰ কথা পোহৰলৈ অনাৰ পাছত সাম্ৰাজ্যখন উৎখাত কৰিবলৈ লখিমপুৰত ততাতৈয়াকৈ নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক । তেওঁ লখিমপুৰত ভৰি থৈয়েই এনে অসামাজিক কাৰ্যত জড়িত সকলক আত্মসমর্পণৰ হুংকাৰ দিয়াৰ পিচৰে পৰা এতিয়া আত্মসমর্পণৰ বাবে থানাই থানাই শাৰী পাতিছে ।

এজনৰ পাছত আনজনে আত্মসমৰ্পণ কৰিছে আৰক্ষী চকীত । যোৱা দুদিনত কেইবাজনেও আত্মসমর্পণ কৰাৰ পাছত বুধবাৰে নাওবৈচা আৰক্ষী চকীত হাবিবুল ইছলাম, চৰিয়ৎ আলী,সুৰুজ আলী,মফিদুল ইছলামসহ মুঠ ৫ জন নকল সোণ বেপাৰীয়ে আত্মসমৰ্পণ কৰে (Fake gold dealer surrendered at Naobaicha)। পাচত তেওঁলোকক লখিমপুৰ সদৰ থানালৈ অনা হয় । উল্লেখ্য যে,যোৱা ৪৮ ঘন্টাত জিলাখনত ১৪ জনক আটক কৰাৰ সমান্তৰালভাৱে ২১ জনে আত্মসমৰ্পণ কৰে । বঙালমৰা আৰক্ষী চকীৰ লগতে নাওবৈচা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে নকল সোণ, নকল টকা প্ৰস্তুত কৰা বেপাৰীসকলে ।

উল্লেখ্য যে,বেদান্ত মাধৱ ৰাজখোৱাৰ ঠাইত আনন্দ মিশ্ৰক জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰাৰ পিচতে বিষয়াজন দেওবাৰে বিয়লি লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক ৰূপে উপস্থিত হয় ৷ কাৰ্যালয়ত উপস্থিত হৈয়েই আৰক্ষী বিষয়াগৰাকীয়ে অপৰাধ জগত আৰু অপৰাধীক সতৰ্কবাণী শুনোৱাত এতিয়া অপৰাধীৰ নিদ্ৰাহৰণ হৈছে ৷

লগতে পঢ়ক :Smugglers of fake gold: বঙালমৰা আৰক্ষী চকীত নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.