বলিয়াঘাটত ফাটিল ONGC ৰ গেছ পৰিবাহী পাইপ; আতংকময় পৰিৱেশ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:00 PM IST

thumbnail

আমগুৰি, 1 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত বলিয়াঘাটত ONGC ৰ গেছ পৰিবাহী পাইপ ফাটি যোৱাৰ ফল এক বৃহৎ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । বলিয়াঘাটৰ  GGS-1 ত নিশা সংঘটিত হয় এই ঘটনা ৷  

ঘটনাস্থলীত ONGC ৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ গেছ নিৰ্গমন বন্ধ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । বৰ্তমানেও গেছ নিৰ্গত হৈ থকাত অঞ্চলটোত আতংকময় পৰিস্থিতি অব্যাহত আছে ।  

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জয়সাগৰ আৰক্ষী উপস্থিত হৈ জনসাধাৰণক শান্তি-শৃংখলা অব্যাহত ৰাখিবলৈ আহ্বান জনায় । ভয়ংকৰ বিপদৰ আশংকা কৰি স্থানীয় ৰাইজক প্ৰজ্বলক ইন্ধন ব্যৱহাৰত ONGC কৰ্তৃপক্ষই বাধা আৰোপ কৰিছে ।  

আনহাতে স্থানীয় লোকে ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে জংগী প্ৰতিবাদৰ হুংকাৰ দিছে । আতংকময় পৰিৱেশৰ মাজতে ছগৰাকী মহিলা আহত হোৱা বুলি জানিব পৰা গৈছে । আহত সকলক চিকিৎসাৰ বাবে ONGC কৰ্তৃপক্ষই চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : বজাৰত অগ্নিকাণ্ড; খবৰ দিয়াৰ দুঘণ্টাৰ পিচতো উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.