Teok Road Accident: টীয়কৰ জগদুৱাৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ বিচাৰি আৰক্ষীৰ অভিযান

By

Published : May 21, 2023, 11:11 AM IST

thumbnail

টীয়ক, ২১ মে’: টীয়কৰ জগদুৱাৰত বৃহস্পতিবাৰে পুৱতি নিশা পথ দুৰ্ঘটনাত নিহত যোৰহাট অ’এনজিচিৰ কৰ্মচাৰী ভাস্কৰ বৰ্মনৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে টীয়ক আৰক্ষীয়ে (Teok police investigation) ৷ টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দল শনিবাৰে ঘটনাস্থলীত উপস্থিত হৈ কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া পৰ্যবেক্ষণ কৰে । আৰক্ষীৰ দলটোৱে ড্ৰোণ কেমেৰা ব্যৱহাৰ কৰি সম্পূৰ্ণ ঘটনাস্থলীৰ ফটো তুলি দৰাচলতে কিয় এইদৰে সঘনাই উক্ত পথচোৱাত দুৰ্ঘটনা সংঘটিত হৈছে তন্নতন্নকৈ তাৰ কাৰণ জানিবলৈ চেষ্টা চলায় (Teok police investigation) । 

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱতি নিশা কৰ্মস্থলীলৈ আহি থকা সময়তে টীয়কৰ জগদুৱাৰ জানত (Jagduar River in Assam) চাৰিলে'নযুক্ত পথৰ অৰ্ধনিৰ্মিত দলঙত গাড়ীসহ সোমাই নিহত হয় ভাস্কৰ বৰ্মন ৷ প্ৰত্যক্ষদৰ্শীয়ে অৱগত কৰা অনুসৰি শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত জগদুৱাৰ দলঙৰ সমীপত নিৰ্মীয়মান পথৰ কোনো সাংকেতিক চিহ্ন নাছিল ৷ যাৰ বাবে ব্যক্তিজনে নিশা পথচোৱা ধৰিব নোৱাৰি দুৰ্ঘটনাত পতিত হয় বুলি তেওঁলোকে দাবী কৰে ৷

ইয়াৰ পাচতেই টীয়কৰ বিভিন্ন দল সংগঠন তথা ৰাইজে পথটোৰ দুৰৱস্থাৰ বাবে লোকজনে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ কৰি উক্ত পথচোৱাৰ  ত্ৰুটিসমূহ আঁতৰাই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷ যাৰ বাবে যোৰহাট জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ ইয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষই উক্ত স্থান সম্পূৰ্ণৰূপে বন্ধ কৰি সাংকেতিক চিহ্নৰ ফলক আৰি ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰে । 

লগতে পঢ়ক: Road Accident at Teok : টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.