Fraudster Arrested in Tinsukia: তিনিচুকীয়াত গাড়ী চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড, প্ৰৱঞ্চক ৰামপ্ৰসাদ শ্বাহক আটক

By

Published : Jun 10, 2023, 3:32 PM IST

thumbnail

তিনিচুকীয়া, 10 জুন: তিনিচুকীয়াৰ হিজুগুৰি আৰক্ষীয়ে শুক্ৰবাৰে নিশা এক অভিযান চলাই অ এন জি চি (ONGC) গাড়ী চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড ৰামপ্ৰসাদ শ্বাহক আটক কৰে ৷ তিনিচুকীয়া মিলন পল্লীৰ বাসগৃহৰ পৰা হিজুগুৰি আৰক্ষীয়ে অভিযান চলাই নিশা আটক কৰে প্ৰৱঞ্চক শ্বাহক (Fraudster Arrested in Tinsukia) ৷

বৰ্তমান তিনিচুকীয়া হিজুগুৰি আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক শ্বাহ নামৰ দালালটো ৷ ONGC ৰ শিৱসাগৰ কাৰ্যালয়ত গাড়ী ভাড়া দিয়াৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰেৰে একোখন গাড়ীৰ গৰাকীৰ পৰা দালালটোৱে সংগ্ৰহ কৰিছিল আঢ়ৈৰ পৰা তিনি লাখকৈ টকা ৷ তিনিচুকীয়াৰ হিজুগুৰি আৰক্ষী চকীত দালালটোক আটক কৰা বুলি জনাৰ পাছতেই নিশাৰ ভাগত প্ৰৱঞ্চনাৰ বলি হোৱা লোকে ভিৰ কৰেহি আৰক্ষী চকীত (ONGC Car syndicate mastermind arrested in Tinsukia) ৷  

জানিব পৰা মতে উজনিৰ কেইবাখনো জিলাত প্ৰৱঞ্চনাৰ জাল পেলাইছিল প্ৰৱঞ্চকটোৱে ৷ সমান্তৰালভাৱে আৰক্ষীয়ে অভিযান চলাই ৰামপ্ৰসাদৰ ঘৰৰ পৰা প্ৰায় 5 লাখ টকা জব্দ কৰাৰ লগতে আপত্তিজনক নথি-পত্ৰ আৰু কেইবাটাও বেংক একাউণ্ট জব্দ কৰে (Car syndicate mastermind arrested in Tinsukia) ৷

লগতে পঢ়ক: CM vigilance detained Lat Mondol: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ লাট মণ্ডল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.