One youth detained with Drugs: লখিমপুৰত ড্ৰাগছসহ সৰবৰাহকাৰী যুৱক আটক

By

Published : Jun 24, 2023, 5:22 PM IST

thumbnail

লখিমপুৰ, ২৪ জুন : লখিমপুৰত ড্ৰাগছ বেপাৰী যদি ডালে ডালে আৰক্ষী কিন্তু পাতে পাতে । ড্ৰাগছ সৰবৰাহকাৰীৰ নিত্য নতুন কৌশল ব্যৰ্থ কৰি আৰক্ষীয়ে ধৰা পেলাইছে ড্ৰাগছ, আটক কৰিছে সৰবৰাহকাৰীক । শনিবাৰে আৰক্ষীয়ে তেনে এটা সফল অভিযান চলাই ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয় ।

জনগণৰ বাবে বন্ধু আৰু অপৰাধীৰ বাবে যমদূত ৰূপে পৰিচিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰক অপশক্তিৰ কবলৰ পৰা মুক্ত কৰি এখন নিকা সমাজ গঢ়াৰ বাবে দিনে নিশাই প্ৰচেষ্টা চলাই আছে । নকল সোণ, জালনোট আদিৰ লগতে মদ-ভাং, ড্ৰাগছ আদি বেহাৰ বিৰুদ্ধে তেওঁ নিৰন্তৰ যুঁজ দি আহিছে । এই ক্ষেত্ৰত বহুলাংশে সফল হৈছে তেওঁৰ নেতৃত্বত জিলাৰ আৰক্ষী বিভাগ । পিছে আনন্দ মিশ্ৰৰ নাম শুনিলেই পেটতে হাত ভৰি লুকুৱা অপৰাধী সকলৰ একাংই এতিয়াও কেৰেপ কৰা নাই । নিতৌ ন ন কৌশলেৰে ড্ৰাগছৰ অবৈধ বেহা চলাই আছে ।

শনিবাৰে পুৱাবেলা আৰক্ষীৰ তেনে এক সফল অভিযান চলিল জিলাখনৰ হাৰমতীত । এটা ড্ৰাগছ বেপাৰীয়ে স্কুটীৰ গোপন স্থানত লুকুৱাই অনা ড্ৰাগছৰ সম্ভেদ উলিয়াই ধৰিবলৈ সক্ষম হ’ল আৰক্ষী । AS 07 S 7689 নম্বৰৰ এখন স্কুটীৰ আগফালে কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ ড্ৰাগছ । কিন্তু হাৰমতী আৰক্ষীয়ে এক অভিযান চলাই স্কুটীখনৰ আগফালে লুকুৱাই অনা ড্ৰাগছ আৰু স্কুটীসহ বিহাৰৰ যুৱক জনক আটক কৰিবলৈ সক্ষম হয় ৷

আনহাতে যুৱকজনে কোৱা মতে লালুকৰ ইক্ৰামুল নামৰ এজন যুৱকৰ পৰা ক্ৰয় কৰি আনিছিল ড্ৰাগছখিনি । তেওঁ খাবৰ বাবে ড্ৰাগছখিনি অনা বুলি কয় ৷ লালুকৰ পৰা ড্ৰাগছখিনি অৰুণাচলৰ কোনো স্থানত বিক্ৰী কৰিবলৈ নিয়া বুলি সন্দেহ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ লখিমপুৰত এইদৰেই এতিয়া বিভিন্ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰিছে একাংশই । তেওঁলোকৰ কাম কাজে আনন্দ মিশ্ৰৰ শক্তিশালী স্থিতিকো ভেঙুচালী কৰাৰ দৰেহে হৈ পৰিছে ৷

লগতে পঢ়ক : Child abuse at Hojai : শিশু নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰত প্ৰাক্তন অগপ মন্ত্ৰীৰ লগতে মন্ত্ৰী পত্নী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.