ETV Bharat / state

Child abuse at Hojai : শিশু নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰত প্ৰাক্তন অগপ মন্ত্ৰীৰ লগতে মন্ত্ৰী পত্নী

author img

By

Published : Jun 24, 2023, 2:13 PM IST

Updated : Jun 24, 2023, 3:26 PM IST

Child abuse at Hojai
শিশুক নিৰ্যাতন চলায় ৰঙাঘৰৰ আলহী হ’ল প্ৰাক্তন মন্ত্ৰীৰ লগতে মন্ত্ৰী পত্নী

প্ৰাক্তন অগপ মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ লগতে পত্নী ফাৰহানা বেগমৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ ৷ হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ৷ কেইবাটাও ধাৰাত গোচৰ ৰুজু ৷

শিশুক নিৰ্যাতন চলায় ৰঙাঘৰৰ আলহী হ’ল প্ৰাক্তন মন্ত্ৰীৰ লগতে মন্ত্ৰী পত্নী

হোজাই, 24 জুন : শিশুক নিৰ্যাতন চলোৱা গোচৰত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ লগতে পত্নী ফাৰহানা বেগম ৷ জিলা শিশু সুৰক্ষা বিষয়া নিৰঞ্জন তালুকদাৰে হোজাই থানাত দিয়া এক গোচৰত পত্নীসহ প্ৰাক্তন অগপ মন্ত্ৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ 294/325/370(4)/34 ধাৰাত লগতে শিশু ন্যায় আইনৰ 75 নং ধাৰাৰ উপৰিও শিশু শ্ৰমিক বিৰোধী আইনৰ 14 নং ধাৰাত হোজাই থানাত 300/23 নম্বৰৰ অধীনত এক গোচৰ ৰুজু কৰা হয় ৷ আৰক্ষীয়ে দুই অভিযুক্তক হোজাই সদৰ শঙ্কৰদেৱ নগৰ ন্যায়িক আদালতত হাজিৰ কৰিছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এগৰাকী কণমানিক চেকনিৰে কোবাই থকাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল । কণমানিগৰাকীয়ে নামাৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও মন্ত্ৰী পত্নীগৰাকীয়ে উপৰ্যুপৰি পিটি থকা পৰিলক্ষিত হৈছিল ৷ লক্ষণীয় বিষয় যে, কণমানিটিয়ে মহিলাগৰাকীক টোপনিত বাধা দিয়াৰ বাবেহে মাৰপিট কৰা বুলি চিঞৰি থকা শুনা যায় ভিডিঅ’টোত । তাৎপৰ্যপূৰ্ণভাৱে, শিশুটিক নিৰ্যাতন চলায় থকা সময়ত প্ৰাক্তন অগপ মন্ত্ৰীগৰাকী এখন চকীত বহি সেই দৃশ্য প্ৰত্যক্ষ কৰি আছিল যদিও মাৰপিট কৰা কাৰ্যত বাধা প্ৰদান কৰা নাছিল ।

এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে ব্যক্তিবিশেষৰ লগতে বিভিন্ন দল-সংগঠনে নিৰ্যাতন চলোৱা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বত্ৰে দাবী উত্থাপন কৰিছিল । কণমানিগৰাকীক নিৰ্যাতন চলোৱা মহিলাগৰাকী হাজী আব্দুল ৰৌফৰ পত্নী বুলি দাবী কৰিছিল ৰাইজে আৰু বৃহস্পতিবাৰৰ নিশাৰ ভাগত অগপৰ প্ৰাক্তন মন্ত্ৰীজনৰ ঘৰত উপস্থিত হয় হোজাই আৰক্ষী ৷ আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰীৰ লগতে পত্নী ফাৰহানা বেগমক আটক কৰে ৷

হোজাই থানাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ কৰাৰ অন্তত শুকুৰবাৰে দুয়োজনক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে, উক্ত ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত আমছুৱে ডবকা থানত এখন এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটযোগে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল হোজাই আৰক্ষীক । উক্ত ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে শুকুৰবাৰে নিশা হোজাই আৰক্ষী চকীত এক সংবাদ মেলৰ আয়োজন কৰি হোজাই আৰক্ষীয়ে ইতিমধ্যেই শ্ৰম বিভাগ, শিশু সুৰক্ষা গোটৰ এজাহাৰ ভিত্তিত প্ৰাক্তন মন্ত্রী আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে বুলি উল্লেখ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাক্তন মন্ত্রীগৰাকীৰ পত্নীক 2 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Patna Oppositions Meet : বিদেশত গান্ধী আৰু ভাৰতত গডছে সূত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ বাবে কাম নকৰে; সীতাৰাম য়েচুৰী

Last Updated :Jun 24, 2023, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.