পেণ্ডেলৰ বাঁহ কঢ়িওৱা বাহনত খুন্দিয়াই কিশোৰৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:57 PM IST

thumbnail

ৰঙাপৰা, 3 ডিচেম্বৰ : শোণিতপুৰ জিলাৰ মিছামাৰীত শনিবাৰে এক ভয়ংকৰ পথ দুঘৰ্টনা সংঘটিত হয় । বাঁহ কঢ়িওৱা গাড়ীত খুন্দা মাৰি এজন 15 বছৰীয়া কিশোৰে অকাল মৃত্যুক সাৱটি লয় ৷ লগতে স্কুটীখনত যোৱা আন এগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় 5 বজাত মিছামাৰীৰ গংগা টেংকীৰ পৰা AS 23 CC 6795 নম্বৰৰ টাটা মোবাইল গাড়ীখনত বাঁহ কঢ়িয়াই গৰুবন্ধা-কলামাটি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথচোৱাৰে ধনখনাৰ অভিমুখে গৈ আছিল । ইফালে মালবাহী গাড়ীখনৰ পিচফালে গৈ থকা AS 12 Y 2382 নম্বৰৰ স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই ঢেকীপেলোৱা কছাৰীগাঁৱৰ দীঘলজুলি নৈখনৰ ওপৰত থকা পকীৰ দলংখনৰ ওপৰত উলমি থকা বাঁহত প্ৰচণ্ড যোৰে খুন্দা মাৰে । 

ফলত স্কুটীখনৰ চালক সাগৰ দাস আৰু আৰোহী অজয় দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । লগে লগে আঘাতপ্ৰাপ্ত দুয়োকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত সাগৰ দাসে অকাল মৃত্যুক সাৱটি লয়। 

ইপিনে ঘটনাস্থলীত মিছামাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পেণ্ডেলৰ বাঁহ কঢ়িয়াই নিয়া গাড়ীখনৰ চালক ৰাকেশ বিশ্বকৰ্মাক আটক কৰে। সাগৰ দাসৰ অকাল মৃত্যুত ঢেকীপেলোৱা বঙালী গাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.