শিলচৰত নিৰাপত্তা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা এজনৰ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:40 AM IST

thumbnail

শিলচৰ, 21 ডিচেম্বৰ : শিলচৰৰ সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা ৷ বুধবাৰে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসালয়খনৰ এজন নিৰাপত্তা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে ৷

জানিব পৰা মতে, চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষৰ সন্মুখত হঠাৎ এজন লোক উপস্থিত হৈছিল । আনহাতে, গেট থকা সুৰক্ষা কৰ্মীজনে চিকিৎসক নথকাৰ বাবে প্ৰথমে লোকজনক অলপ অপেক্ষা কৰিবলৈ কয় ৷ তাৰ পাচতে ব্যক্তিজনে সুৰক্ষা কৰ্মীজনক গালি-গালাজ দিয়া আৰম্ভ কৰে আৰু হাত থকা এটা বেগৰ পৰা চোকা অস্ত্ৰ উলিয়াই সুৰক্ষা কৰ্মীজনক আক্ৰমণৰ চেষ্টা চলায় ৷ 

পৰৱৰ্তী সময়ত একাংশ লোকৰ সহযোগত চিকিৎসালয়খনত নিয়োজিত সুৰক্ষা কৰ্মীয়ে লোকজনক আটক কৰে আৰু আৰক্ষীক গতাই দিয়ে ৷ ইয়াৰ পূৰ্বেও ব্যক্তিজনে এনে ঘটনা সংঘটিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক ; সুৰা পাৰ্টীৰ ভয়ংকৰ পৰিণাম, কণ্ঠশিল্পী দেৱজিৎ সাহাৰ ভতিজীসহ চাৰি আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.