Gold seized : গুৱাহাটী ৰেল ষ্টেচনত সোণসহ আটক সৰবৰাহকাৰী

By

Published : May 5, 2023, 2:30 PM IST

thumbnail

গুৱাহাটী, 5 মে : গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ । ৰে'ল আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় সোণৰ বিস্কুটসহ এজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । ধৃত লোকজন ৰাজস্থান বিকানীৰ বাসিন্দা ৰেৱতী ৰমন ছোনি বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । জব্দকৃত অবৈধ সোণখিনিৰ ওজন প্ৰায় 1 কিলোগ্ৰাম (Gold seized at Guwahati)। 

শুক্ৰবাৰৰ পুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা 3 খন সোণৰ বিস্কুট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুলি গুৱাহাটী ৰেলৱে ষ্টেচন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ সৰবৰাহকাৰী ৰেৱতী ৰমন ছোনিয়ে তেওঁৰ কঁকালৰ বেল্টত সোণখিনি লুকুৱাই আনিছিল বুলি জানিবলৈ দিয়ে । 

জব্দ হোৱা সোণখিনিৰ ওজন 997 গ্ৰাম । জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় 60 লাখ টকা । ডিব্ৰুগড় দিল্লী ৰাজধানী এক্সপ্ৰেছৰৰ জৰিয়তে মৰিয়নীৰ পৰা দিল্লীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ধৃত সৰবৰাহকাৰীজনে । বৰ্তমান আটকাধীন সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Srinkhal Chaliha issue : শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.