Man elephant conflict : বনৰীয়া হাতীৰ আক্ৰমণত শোণিতপুৰত এজনৰ মৃত্যু

By

Published : Jun 28, 2022, 12:59 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও ঠায়ে ঠায়ে এতিয়াও বানে কালৰূপ ধাৰণ কৰিছে (Flood situation in Assam)। ইয়াৰ মাজতে আকৌ বহু স্থানত হাতী মানুহৰ সংঘাত অব্যাহত আছে (Man elephant conflict in Assam)। এইবাৰ হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে শোণিতপুৰৰ চাৰিদুৱাৰত । মঙলবাৰে এই সংঘাতৰ ফলতে কৰুণ ঘটনা সংঘটিত হয় অঞ্চলটোত । মোলানগাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী লোকৰ (One killed in elephant attack in Sonitpur)। পুৱা প্ৰায় ৫ মান বজাত খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় মাতিয়াছ বাৰ্জ নামৰ এগৰাকী বৃদ্ধৰ । ইফালে বনৰীয়া হাতীটোৱে গাঁওখনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । ঘটনাৰ খবৰ পোৱাৰ পাছতে মোলানগাঁৱত চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে চাৰিদুৱাৰ আৰক্ষী আৰু আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগৰ লোকসকল উপস্থিত হয় । এই ঘটনাকলৈ সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.