ETV Bharat / health

এইসকল লোকে ভুলতেও নাখাব বিলাহী; হ’ব ডাঙৰ সমস্যা! - Tomato

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 5:19 PM IST

Tomato: শাক পাচলি আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী কিন্তু কেতিয়াবা কিছুমান লোকৰ বাবে সেয়া উপকাৰী নহ’বও পাৰে ৷ বিলাহীও তেনে এবিধ পাচলি যাক খাবলৈ বহুতে পচন্দ কৰে কিন্তু আপুনি জানেনে বিলাহী খালে কেতিয়াবা আপোনাৰ লাভৰ পৰিৱৰ্তে লোকচানো হ’ব পাৰে...পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Are Tomatoes Healthy or Bad for You?
এইসকল লোকে ভুলতেও নাখাব বিলাহী; হ’ব ডাঙৰ সমস্যা! (FREEPIK)

আমি প্ৰায় সকলোৱে বিলাহী খাবলৈ ভালপাও ৷ বিলাহী অবিহনে খাদ্যৰ সোৱাদ আধৰুৱা বুলি ক’লেও ভুল কোৱা নহ’ব ৷ তৰকাৰীৰ পৰা চালাডলৈকে বিলাহী আমাৰ দৈনন্দিন জীৱনৰ এক অংশ হৈ পৰিছে ৷

কিন্তু আপুনি জানেনে যে বিলাহী খোৱাটো সকলোৰে বাবে ভাল নহয় ৷ হয় ঠিকেই পঢ়িছে ৷ বিলাহীয়ে বহুলোকৰ বাবে লাভদায়ক নহয় আৰু কেতিয়াবা ই শৰীৰত জটিলতাৰ সৃষ্টি কৰে৷ গতিকে আজি জানো আহক কোন কোন লোকে ইয়াক পৰিহাৰ কৰা উচিত বা সীমিত পৰিমাণত খোৱা উচিত ৷

দৰাচলতে বিলাহীত ভিটামিন, খনিজ পদাৰ্থ, এন্টি অক্সিডেন্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উপাদান থাকে ৷ গতিকে এই পাচলি খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এই পাচলিবিধ নিয়মিতভাৱে খোৱাৰ সময়ত মানুহৰ শৰীৰত বিভিন্ন অসুবিধাৰ সৃষ্টি হয় ৷

এই পাচলি কোনো এটা সময়ত খাব নালাগে ৷ কাৰণ বিলাহীত কিছুমান উপাদান থাকে যিয়ে বহু সমস্যাৰ সৃষ্টি কৰে ৷ গতিকে এই দিশটো জনাটো অতি প্ৰয়োজনীয় ৷

চিকিৎসক কয় যে, পেটৰ সমস্যা থকাসকলে বিলাহী খাব নালাগে ৷ বিলাহীয়ে এচিডিটিৰ সমস্যা বৃদ্ধি কৰে ৷ দ্ৰুতগতিত গেছৰ জটিলতা বৃদ্ধি পাব পাৰে, গতিকে পেটৰ অসুখ হ’লে বিলাহী পৰিহাৰ কৰিব লাগে ৷

কিছুমান মানুহৰ এলাৰ্জীৰ সমস্যা থাকে ৷ তেনে ক্ষেত্ৰত ভিটামিন চি সমৃদ্ধ বিলাহী খোৱাৰ পিচতো বহুতৰে জটিলতাৰ সৃষ্টি হোৱা দেখা যায় ৷ এই লোকসকলে বিলাহী পৰিহাৰ কৰাটো উচিত ৷

এতিয়া বহুতৰে গাউটৰ (গাউট হৈছে বাতবিষৰ এক বিষাদজনক ৰূপ) সমস্যা হৈছে ৷ এই সমস্যা থাকিলে গাঁঠিৰ অতিপাত বিষ হয় ৷ এনে ক্ষেত্ৰত বিলাহী খালে পিউৰিন বৃদ্ধি পায় ৷ ফলত ইউৰিক এচিড বৃদ্ধি পায় ৷ গতিকে গাউটৰ সমস্যা থকা ৰোগীয়ে বিলাহী খাব নালাগে ৷

বহু লোকৰ শৰীৰত বেলেগ বেলেগ পাথৰ থাকে,দেখা গৈছে যে বিলাহীত কেলচিয়াম অক্সালেট অতি বেছি ৷ যিসকলৰ কিডনি ষ্টোন আছে বা ক্ৰনিক কিডনি ষ্টোন আছে তেওঁলোকে বিলাহী খাব নালাগে ৷ কাৰণ বিলাহীত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে ৷

লগতে পঢ়ক: পুৱা খালী পেটত এগিলাচ বিলাহীৰ ৰস খোৱাৰ এই আচৰিত গুণাগুণ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.