নিয়তিৰ পৰিহাস ! বাটেৰে গৈ থাকোতে বৰ মৌৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:03 PM IST

thumbnail

মৰিগাঁও, 9 জানুৱাৰী : মৰিগাঁও চহৰৰ মাজমজিয়াৰ ভি আই পি ৰোডত বৰ মৌৰ সন্ত্ৰাস । বৰ মৌৰ আক্ৰমণত নিহত হৈছে এজন লোক ৷ মৰিগাঁও শ্বহীদ ভৱনৰ সন্মুখত কিছুদিনৰ পৰা বৰ মৌৰ জাকে ত্ৰাস চলাই আহিছিল ৷ মঙলবাৰে পুৱা প্ৰায় 10.30 বজাত বৰ মৌ জাকটোৰ আক্ৰমণত দীপক নন্দী নামৰ লোকজনৰ মৃত্যু হয় ৷ দীপক নন্দী মৰিগাঁও চহৰৰ মাজ মজিয়াতে থকা কোৱালিটী হোটেলৰ স্বত্বাধিকাৰী ৷

ঘটনাৰ বিৱৰণী অনুসৰি লোকজনে নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা পচতীয়ালৈ স্কুটীৰে আহি থকাৰ সময়তে অগণন বৰ মৌৱে লোকজনক আক্ৰমণত চলোৱা তেওঁ পথৰ দাঁতিত বাগৰি পৰে ৷ তেওঁ বাগৰি পৰাত তেওঁক অধিক বৰ মৌৱে যেনি তেনি আক্ৰমণ কৰে ৷ লগে লগে ওচৰৰ মানুহে মৌৰ জাকটো খেদিবলৈ জুই ধৰাত মৌ জাক কোনোমতে আঁতৰি যায় ৷

তাৰ পিচতে ততাতৈয়াকৈ আহত লোকজনক মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

এতিয়া এই ঘটনাক লৈ সমগ্ৰ মৰিগাঁও অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আজি কিছু দিনৰ পৰা মৌৱে বহু লোকক কৰিছিল আক্ৰমণ যদিও জিলাখনৰ কোনো বিভাগ তথা প্ৰশাসনে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে এই ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: জ্যেষ্ঠ শিল্পী ভূপেন উজীৰ ICU ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.