Road accident in Dibrugarh: ৰঙালীৰ উচাহৰ মাজতে উদণ্ড বাইক চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে এজনে

By

Published : Apr 16, 2023, 2:04 PM IST

thumbnail

ডিব্ৰুগড়,১৬ এপ্ৰিল: ডিব্ৰুগড় লেজাই দীঘলীয়া গাঁৱত শোকাৱহ ঘটনা । ৰঙালী বিহুৰ আনন্দৰ মাজতে উদণ্ড বাইক চালকৰ খুন্দাত নিহত বিহু খাবলৈ ঘৰৰ পৰা ওলাই যোৱা এজন লোকৰ (One killed in road accident in Dibrugarh) । কেশৱ ভৰলুৱা লোকজন শনিবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল বিহু খাবলৈ চুবুৰীয়া ঘৰলৈ । কিন্তু বিহু খাই ঘৰলৈ ঘূৰি নাহিল লোকজন । ইফালে ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰি থকা সময়তে আহি পুৱা ঘৰৰ সন্মুখৰ থকা পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ হৈছে লোক জনৰ মৃতদেহ ।  

জানিব পৰামতে কানাই পাংগিং, বাবু চেতিয়া আৰু কৃষ্ণ চেতিয়া নামৰ তিনি উদণ্ড বাইক আৰোহীৰ খুন্দাত নিহত হয় লোকজন (Road accident in Dibrugarh) । শনিবাৰে সন্ধিয়া কেশৱ ভৰলুৱা নামৰ লোক জনক একেখন বাইকত অহা তিনি যুৱকে তীব্ৰ বেগত আহি খুন্দা মৰাৰ ফলত পুখুৰীত পৰি যায় । জীৱিত অৱস্থাত থকা লোকজনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ঘটনা সংঘটিত কৰি লোকজনক পুখুৰীতে পেলাই উক্ত তিনি যুৱক পলায়ন কৰে ।  

এই ঘটনা পোহৰলৈ অহাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও বৰ্তমনলৈকে ঘটনা সংঘটিত কৰা কোনো ব্যক্তিক আটক কৰিব পৰা নাই । জব্দ কৰা নাই দুৰ্ঘটনা সংঘটিত কৰা বাইকখনো । 

লগতে পঢ়ক: Road accident at Jonai: জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.