Road Accident : ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মাইজুলিয়ে

By

Published : May 5, 2023, 10:53 PM IST

thumbnail

জোনাই, 5 মে’: চিমেন চাপৰিৰ দিপাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ডাম্পাৰে মহতিয়াই লৈ যায় এগৰাকী যুৱতীক (Road Accident at Jonai) ৷  জানিব পৰা মতে শুকুৰাবাৰে বিয়লি প্ৰায় ৫ বজাত যুৱতীগৰাকীয়ে বজাৰ কৰাৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা ওলাই যাওঁতে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী এখন শিল ভৰ্তি ডাম্পাৰে মহতিয়াই লৈ যায় ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱতীগৰাকী (one died in road accident)। নিহত যুৱতীগৰাকী দীপাৰ ৬ নং ৱাৰ্ডৰ নিবাসী মাইজুলি বসুমতাৰী বুলি জানিব পৰা গৈছে।  

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰখন পলায়ন কৰে যদিও প্ৰত্যক্ষদৰ্শীয়ে ডাম্পাৰখনৰ নম্বৰ AS-22C-6707 বুলি চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ ঘটনাস্থলীত ডিমৌ টহলদাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷  

লগতে পঢ়ক: Morena firing between 2 family : চাঞ্চল্যকৰ! পাৰিবাৰিক সংঘাতৰ বাবে প্ৰাণ গ'ল ৬ জনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.