Tiger Attack: বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:08 PM IST

thumbnail

বৰপেটাৰোড, 15 ছেপ্টেম্বৰ : বৰপেটাৰোডৰ বিলাসীপাৰাত বাঘৰ আক্ৰমণত এজন লোক আহত হোৱা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকজনৰ নাম কদম আলী বুলি জানিব পৰা গৈছে ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শুকুৰবাৰে খেতিপথাৰত কদমে কাম কৰি থকা সময়ত হঠাৎ এটা বাঘে আহি তেওঁক আক্ৰমণ কৰে ৷ বাঘৰ আক্ৰমণৰ ফলত লোকজনৰ মুখমণ্ডল আৰু চকুত গুৰুতৰভাৱে জখম হয়। 

সৌভাগ্যক্ৰমে, লোকজনে কোনোমতে বাঘটোৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ তাৰ পিচতে ততাতৈয়াকৈ লোকজনক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত লোকজনক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ বনাঞ্চলৰ পৰা বাঘটো জনাঞ্চললৈ ওলাই আহি এইদৰে আক্ৰমণ কৰিছে বুলি স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ ইপিনে বাঘৰ এই আক্ৰমণৰ ফলত বিলাসীপাৰা গাঁওবাসী আতংকিত হৈ বৰপেটাৰ বন বিভাগক খবৰ দিয়ে ৷ বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে বাঘটোৰ সন্ধান উলিয়াব পৰা নাই ৷

লগতে পঢ়ক: Liquor seized: সত্ৰনগৰীত সুৰাৰ অবৈধ বেহা, বিলাসী বাহনৰ পৰা 50 লিটাৰ বিলাতী সুৰা জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.