পুনৰ হাতী-মানুহৰ সংঘাত, বন্যহস্তীয়ে গচকিলে লোকক

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 2:29 PM IST

thumbnail

গোলাঘাট, 11 ডিচেম্বৰ : গোলাঘাটৰ জিলাৰ বৃহত্তৰ মৰঙিত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ সোমবাৰে বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক । আহত লোকজনৰ নাম তনুৰাম গোৱালা বুলি জানিব পৰা গৈছে । 

জানিব পৰামতে, দিন দুপৰতে ৰঙাজান চাহ বাগিচাৰ পৰা উদয়ন অভিমুখে ওলাই অহা এটা প্ৰকাণ্ড হাতীয়ে মৰঙিৰ চাৰি নং ৰঙাজানৰ গোৱালা বস্তিৰ তনুৰাম গোৱালা নামৰ লোকজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে । স্থানীয় ৰাইজে লোকজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । 

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বৃহৎ বন্যহস্তীৰ জাকে। দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণে বৃহত্তৰ মৰঙি অঞ্চলত আতংকৰ সৃষ্টি কৰিছে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা বিয়াগোম বন বিভাগে বিষয়টোৰ নিৰৱ ভূমিকা পালন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অতি সোনকালে হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক: মৃতপ্ৰায় অৱস্থাত জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনিসমূহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.