Road Mishap: কছাৰীহাট মহাবিদ্যালয়ৰ সন্মুখত তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে এজনক

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 12:15 PM IST

thumbnail

গোলাঘাট, 14 নৱেম্বৰ: গোলাঘাট জিলাৰ কছাৰীহাটত কছাৰীহাট মহাবিদ্যালয়ৰ সন্মুখৰ তৰফাট পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন লোকৰ ৷ লগতে আহত হয় এজন স্কুলীয়া ছাত্ৰ । প্ৰথমে, গোলাঘাট দিশৰ পৰা কছাৰীহাট দিশে আহি থকা এখন তীব্ৰবেগী ড্ৰাম্পাৰে এজন স্কুলীয়া ছাত্ৰক খুন্দিয়াই আহত কৰে ৷ তাৰ পিচতে ছাত্ৰ জনক খুন্দিয়াই আন এজন লোকক খুন্দা মাৰে ডাম্পাৰখনে ৷ ফলত এজন লোক থিতাতে নিহত হয় ৷ মৃত লোকজন বোপাইটো কৰ্মকাৰ বুলি জানিব পৰা গৈছে। দিন হাজিৰা কৰা লোকজনৰ ঘৰ গোলাঘাটৰ মথুৰাপুৰত। 

ঘটনাস্থলীত গোলাঘাট যান বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইফালে আহত ছাত্ৰ যুগলজ্যোতি গগৈক চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে।

লগতে পঢ়ক: Tense situation at Noonmati : ন-পাৰ্কিং লিখা বেনাৰৰ বাবে গণ্ডগোল মহানগৰীৰ নুনমাটিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.