One dies in a road accident: ৰহাত পথ দুৰ্ঘটনাত নিহত এজন

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 1:48 PM IST

thumbnail

ৰহা, 4 নৱেম্বৰ : ৰহাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । ৰহাৰ দীঘলীআটিত AS 01 GC 5805 নম্বৰৰ বলেৰ’ পিক আপ ভান আৰু NL 01 G 7541 নম্বৰৰ কন্টেইনাৰ ট্ৰাকৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা ।

গুৱাহাটীৰ দিশৰ পৰা নগাঁও অভিমুখে গৈ আছিল বাহন দুখন । ৰহাৰ দীঘলীআটিত কন্টেইনাৰ ট্ৰাকখনে কোনো কাৰণবশতঃ পিছুৱাই যোৱাত পিচত আহি থকা বলেৰ’ পিক আপ বাহনখনত খুন্দা মাৰে । যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত থিতাতে নিহত হয় বলেৰ’ চালক অনু বড়ো ৷

ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালক । ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে চালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Road accident at Phuloni : ফুলনিৰ পথ দুৰ্ঘটনাত থিতাতে নিহত টেম্প’ চালক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.