Road accident in Dhemaji: ধেমাজিত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Apr 8, 2023, 2:20 PM IST

thumbnail

ধেমাজি, 8 এপ্ৰিল : ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ গোৱাল চাপৰিত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷ গুৰুতৰভাৱে আহত হয় আন এজন । জানিব পৰা মতে নিশা নামঘৰৰ পৰা ভাওনাৰ আখৰা কৰি আহি থাকোতে AS07-M9699 নম্বৰ ৰঙা ৰঙৰ এল্ট গাড়ী খনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ঘটনা (Road accident in Dhemaji) ৷

এই দুৰ্ঘটনাত থিতাতে নিহত হয় মোহন গগৈ নামৰ ব্যক্তিজন (one died in road accident in Dhemaji) । লগে লগে তেওঁক ধেমাজি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ গুৰুতৰভাৱে আহত ভৰত লাহন সম্প্ৰতি ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : Accident in Dibrugarh: মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ খুন্দাত আহত যুৱক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.