Road Accident : দুখন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে এজন নিহত

By

Published : Jul 1, 2023, 4:25 PM IST

thumbnail

নলবাৰী, 1 জুলাই : নলবাৰীৰ লাউঠাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ শুকুৰবাৰে মুকালমুৱা-নলবাৰী সংযোগী পথত দুখন দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ পথ দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয় আৰু তিনিজন গুৰুতৰভাৱে আহত হয় ৷ এই দুৰ্ঘটনাত পথচাৰী দুগৰাকী কিশোৰীও আহত হয় ৷ 

এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী মজিবৰ আলী (18)। দুৰ্ঘটনাটোত আহত আনজন বাইক আৰোহী আলী হুছেইন(19) সহ পথচাৰী হাচিনা বেগম (14) আৰু উৰ্মিলা বেগম(14)ক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ পৰৱৰ্তী সময়ত সংকটজন অৱস্থাত আলী হুছেইনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ 

দুৰ্ঘটনাত পতিত দুচকীয়া বাহন দুখনৰ নম্বৰ AS-01-BG-0750 আৰু AS-14-P-3839 বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Clash between two groups : প্ৰথমে দুখন বাইকৰ মাজত প্ৰতিযোগিতা, পিচত প্ৰচণ্ড মাৰপিট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.