Road accident in Nalbari: নলবাৰীৰ হৰিপুৰত পথ দুৰ্ঘটনা নিহত ১

By

Published : May 21, 2023, 3:03 PM IST

thumbnail

নলবাৰী, ২১ মে’: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৰিপুৰত দেওবাৰে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই বাইক সহিতে দ খাৱৈত পৰি এজন লোক নিহত হয় (Road accident in Nalbari) ৷ নিহত লোকজন আচমত উল্লাস বুলি জানিব পৰা গৈছে । আচমতৰ ঘৰ বৰপেটাৰ বাঘবৰত ৷ 

আচমত উল্লাসে AS 01 FG 0168 নং পালছাৰ বাইকেৰে বৰপেটা দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় (One Dead in Road accident in Nalbari)। স্থানীয় লোকে পুৱতি নিশা এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে । পুৱা প্ৰাতঃ ভ্ৰমণত অহা সময়ত স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷

ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ লগতে দুৰ্ঘটনাত পতিত হোৱা পালচাৰ বাইকখনো স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে দ খাৱৈৰ পৰা উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: Road accident at Sadiya : বিয়া খাবলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ তিনি সদস্যই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.