ETV Bharat / state

Road accident at Sadiya : বিয়া খাবলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ তিনি সদস্যই

author img

By

Published : May 15, 2023, 1:01 PM IST

শদিয়াৰ বোকাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত তিনিগৰাকী ৷ দুগৰাকী চিকিৎসাধীন (Road accident at Sadiya) ৷ নেপালৰ পৰা আহিছিল পৰিয়ালটো ৷

Road accident at Sadiya
Road accident

তিনিচুকীয়া, 15 মে’: তিনিচুকীয়া জিলাৰ শদিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ বিয়াখাবলৈ আহি দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যই ৷ সোমবাৰৰ পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো (3 killed in road accident) ৷

তিনিচুকীয়া জিলাৰ শদিয়াৰ মাজেৰে যোৱা 115 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাপথাৰত পুৱাই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । এখন ব'লেৰ পিক আপ ভান আৰু এখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । জানিব পৰা মতে, শদিয়া দিশৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল ডাম্পাৰখন (Road accident at Sadiya)।

দুৰ্ঘটনা সংঘটিত হোৱা বলেৰ’ পিক আপ ভানখনৰ নম্বৰ প্লেট নাছিল যদিও ডাম্পাৰখনৰ নম্বৰ AS 23 CC 1737 বুলি জানিবলৈ পৰা গৈছে ৷ বলেৰ’ পিক আপ ভানখনত একেটা পৰিয়ালৰ মহিলাসহ পাঁচজন লোক আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত বলেৰ’ বাহনখনত থকা মহিলাসহ তিনিগৰাকী যাত্ৰী থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে ।

অৱশ্যে বৰ্তমানলৈকে দুৰ্ঘটনাটোত নিহত হোৱা লোককেইজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই, যদিও পৰিয়ালটোৱে নেপালৰ পৰা তিনিচুকীয়া জিলাৰ শদিয়ালৈ এখন বিয়াত উপস্থিত হোৱাৰ উদ্দেশ্যৰে আহিছিল বুলি জানিব পৰা গৈছে ৷ বিয়া খাই পুনৰ নেপাললৈ বুলি উভতি অহাৰ বাটতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।

আঘাতপ্ৰাপ্ত আন দুজন লোকক উন্নত চিকিৎসাৰ কাৰণে সংকটজনক অৱস্থাত জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, ৰাজ্যখনত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ৷ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ৷ কিন্তু তাৰ পিছতো ৰাজ্যত ৰোধ কৰিবলৈ সক্ষম হোৱা নাই দুৰ্ঘটনাৰ সংখ্যা (Road accident in Assam) ৷

লগতে পঢ়ক : Balodabazar Accident : ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ 6 গৰাকীৰ মৃত্যু, কেইবাজনো আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.