Road Accident: নামতি টিঙিপামত ভয়ংকৰ দুৰ্ঘটনা

By

Published : Feb 1, 2023, 1:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আমগুৰি,১ ফেব্ৰুৱাৰী: চৰাইদেউ জিলাৰ নামতি টিঙিপামত ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে (Road accident at Namti)৷ এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতে এজন লোক নিহত হয় (One dead in road accident) ৷  

জানিব পৰা মতে, বুধবাৰে পুৱা টিঙিপামৰ ধোদৰ আলিয়েদি এজন ব্যক্তি খোজ কাঢ়ি আহি থাকোঁতে এখন নিয়ন্ত্ৰণহীন বাহনে মহতিয়াই লৈ যায় ৷ নিহত ব্যক্তিজন খামোন অভয়পুৰীয়া গাঁৱৰ কুশল গগৈ ওৰফে ভাই (৪৮) বুলি চিনাক্ত কৰা হৈছে ৷ এই ঘটনাৰ পাছতে অঞ্চলটোত এক হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷  

ইফালে লোকজনক খুন্দিয়াই বাহনখন সেই স্থানৰ পৰা পলায়ন কৰে ৷ স্থানীয়ে লোক ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰালৈ তেওঁ মৃত্যু মুখত পৰে ৷ ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ কৰে ৷ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে মৃত লোকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৰ্তমানলৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসমত আটাইতকৈ বেছি দুর্ঘটনা সংঘটিত হয় গ্ৰাম্য এলেকাত (road accident increases in Assam in rural area) । 2021 বৰ্ষত 1283 টা দুর্ঘটনা নগৰীয়া অঞ্চলত সংঘটিত হোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত 1610 টা দুর্ঘটনা সংঘটিত হৈছিল । পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ(Assam death rate in road accident) সৰ্বভাৰতীয় পৰ্যায়ত অসম দেশৰ ভিতৰতে পঞ্চম স্থানত আছে । 

2021 চনলৈ অসমত মৃত্যুৰ হাৰ আছিল 6.0 শতাংশ । উত্তৰ-পূৰ্বাঞ্চলৰ(Road accident in North East India) ৰাজ্যসমূহৰ ভিতৰত পথ দুর্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম শীর্ষস্থানত আছে । তথ্য মতে 2021 বৰ্ষত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ 9754 টা পথ দুর্ঘটনা সংঘটিত হৈছিল । ইয়াৰে ভিতৰত 7411 টাই হৈছে অসমৰ । একেদৰে বিগত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত পথ দুৰ্ঘটনাৰ ফলত 3851 গৰাকী লোকৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱা লোকসকলৰ মাজৰ 3036 গৰাকী অসমৰ আছিল ।

লগতে পঢ়ক: Road Accident : মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল দুজনৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.