Robbery case in Dhemaji : ডকাইতৰ লগত গৃহস্থৰ তয়া-ময়া ৰণ, এটা ডকাইতক আটক

By

Published : May 4, 2023, 10:07 PM IST

thumbnail

ধেমাজি, 5 মে’: ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা এক কিঃমিঃ নিলগৰ ভদ্ৰপাৰা চুকাফা নগৰত বৃহস্পিতবাৰে পুৱতি নিশা এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হয় (Robbery case in Dhemaji) ৷ আজি পুৱতি নিশা প্ৰায় তিনি বজাত চুকাফা নগৰৰ নিবাসী সন্তোষ দত্ত নামৰ ব্যৱসায়ীজনৰ ঘৰত তিনিজনীয়ৰ ডকাইতৰ দল এটাই প্ৰৱেশ কৰি ডকাইতি কৰি লৈ যায় নগদ ধন সহ কেইবালাখ টকাৰ সোণৰ গহণা ৷ 

আনহাতে গৃহস্থই সাহসেৰে ডকাইতৰ সৈতে যুঁজি কৰায়ত্ত কৰিবলৈ সক্ষম হয় সঞ্জীৱ বড়ো নামৰ এটা ডকাইতক ৷ ডকাইতৰ দলৰ সৈতে সমৰত লিপ্ত হওঁতে আঘাতপ্ৰাপ্ত হয় স্বামী-স্ত্ৰী ৷  

অৱশেষত ঘটনা সন্দৰ্ভত চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত প্ৰতিবেশী আহি উপস্থিত হোৱাৰ লগতে পলমকৈ ধেমাজি আৰক্ষীও উপস্থিত হয় (One dacoit arrested) ৷ অৱশ্যে আন দুটা ডকাইত পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা ডকাইতটোৰ পৰা উদ্ধাৰ কৰে এটা পিষ্টলসহ তিনিজাঁই সক্ৰিয় গুলীৰ লগতে ছুৰী, স্ক্ৰু ডাইভাৰ, চিপৰাং আদি সামগ্ৰী ৷

লগতে পঢ়ক : Naga aggression at Mariani : অসমৰ মাটিত নগাক নিদিলে প্ৰাণে মৰাৰ ভাবুকি অসমীয়াক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.