Old age home employee attack case : স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত বৃদ্ধাশ্ৰমৰ দুই মহিলা কৰ্মচাৰী

By

Published : Dec 27, 2022, 11:27 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মা কামাখ্যা নামৰ এখন বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত হৈছে দুগৰাকী যুৱতী (Old age home owner attack employee in Guwahati) ৷ বৃদ্ধাশ্ৰমখনৰ কৰ্মচাৰী যুৱতী দুগৰাকী । তিনি বছৰ ধৰি বৃদ্ধাশ্ৰমত কৰ্মৰত হৈ আছে যুৱতী দুগৰাকী । যুৱতী দুগৰাকীয়ে জনোৱা মতে ৮ হাজাৰকৈ মাহিলী পাৰিশ্ৰমিক দিয়াৰ কথা আছিল তেওঁলোকক । কিন্তু অভিযোগ অনুসৰি নিজৰ প্ৰাপ্য বিচাৰিলেই স্বত্বাধিকাৰীয়ে তেওঁলোকক ভয় ভাবুকি দিয়ে (Maa Kamakhaya old age home incident)। তিনি বছৰত মাত্ৰ তিনিবাৰহে দৰমহা দিছে বুলি অভিযোগ কৰিছে ভুক্তভোগী যুৱতী দুগৰাকীয়ে । সোমবাৰেও বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী ক্ষীৰেশ্বৰী শইকীয়াৰ বৰবাৰীৰ উষা নগৰৰ বাসগৃহত পইচা বিচাৰি গৈছিল যুৱতী দুগৰাকী । কিন্তু সেই সময়তে স্বত্বাধিকাৰী আৰু সহযোগীয়ে তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে (Two women injured in old age home owner beating)। ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু যুৱতী কেইগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কিন্তু আৰক্ষী অহা খবৰ পোৱাৰ পাছতে পলায়ন কৰে স্বত্বাধিকাৰী ক্ষীৰেশ্বৰী শইকীয়াসহ পৰিয়ালৰ লোকসকল । উল্লেখ্য যে বৃদ্ধাশ্ৰমখন বাঘৰবৰীৰ পুবেৰুণ পথত আছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.