Kampur Urban Health Centre: কামপুৰ নগৰীয়া স্বাস্থ্যকেন্দ্ৰলৈ নুমলীগড় শোধনাগাৰৰ এম্বুলেঞ্চ প্ৰদান

By

Published : May 17, 2023, 9:23 AM IST

thumbnail

বঢ়মপুৰ, 17 মে’ : নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা বিভাগৰ সৌজন্যত কামপুৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ এখন এম্বুলেঞ্চ প্ৰদান কৰা হয় । দীৰ্ঘদিন ধৰি এখন এম্বুলেঞ্চ নথকাৰ বাবে ৰুগীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল । কামপুৰ নগৰীয়া স্বাস্থ্যকেন্দ্ৰ কতৃপক্ষই জনোৱা আবেদনৰ প্ৰতি সন্মান জনাই এম্বুলেঞ্চখন আনুষ্ঠানিকভাৱে প্ৰদান কৰে নুমলীগড় তেল শোধনাগাৰৰ জ্যেষ্ঠ মুখ্য প্ৰৱন্ধক হেমন্ত কুমাৰ নাথে (Numaligarh Refinery provides ambulance) । এম্বুলেঞ্চখনৰ জৰিয়তে বৃহত্তৰ কামপুৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰিছে প্ৰৱন্ধকজনে ।

আনহাতে নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষক এম্বুলেঞ্চখন প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ কতৃপক্ষই (Kampur Urban Health Centre) ৷

লগতে পঢ়ক : Masterchef Nayanjyoti Saikia: উত্তৰ-পূবৰ খাদ্যক সম্ভাৰ বিশ্ব দৰবাৰত জনপ্ৰিয় কৰাৰ সপোন নয়নজ্যোতি শইকীয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.