যোৰহাট বোমা বিস্ফোৰণ : লিচুবাৰীৰ 41 নং সেনা শিবিৰত উপস্থিত NIA

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 2:27 PM IST

thumbnail

যোৰহাট, 16 ডিচেম্বৰ : উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত শেহতীয়াকৈ কেবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই বোমা বিস্ফোৰণৰ পাচতেই অসমৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ বহু প্ৰশ্নৰ উদ্ৰেগ ঘটিছে ৷ উজনি অসমত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ঘটনাকেইটাক গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ এই ঘটনাৰ তদন্ত ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়া (NIA) ৰ হাতত অৰ্পণ কৰা হৈছে ৷

ঘটনাৰ তদন্ত কৰিবলৈ শনিবাৰে পুৱাৰ ভাগত NIA ৰ দল উপস্থিত হৈছে যোৰহাটৰ লিচুবাৰীৰ 41 নং সেনা শিবিৰত ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই যোৰহাট জিলা প্ৰশাসনে ৷ ইফালে ভাৰতীয় সেনাই তেওঁলোকে ব্যর্থতা ঢাকিবৰ বাবে তথা সংবাদ মাধ্যমে যাতে ভিডিঅ’ সংগ্ৰহ কৰি বাতৰি সম্প্ৰচাৰ কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ সেনা চাউনিৰ সীমা কাপোৰে আৱৰি দিছে ৷

লগতে পঢ়ক : যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.