Aayakar Bhawan in Dibrugarh : ডিব্ৰুগড়ত মুকলি কৰা হ'ল আয়কৰ ভৱন

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 11:03 PM IST

thumbnail

ডিব্ৰুগড়, 22 ছেপ্টেম্বৰ : ৰাজ্যখনৰ ভিতৰতে এখন আগশাৰীৰ চহৰলৈ পৰিণত হৈছে ডিব্ৰুগড় ৷ ডিব্ৰুগড়ত উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা আৰম্ভ কৰি কেইবাটাও উল্লেখযোগ্য পৰ্য্যটন ক্ষেত্ৰই ডিব্ৰুগড় চহৰখনক অধিক সমৃদ্ধিশালী কৰি তুলিছে ৷ ইয়াৰ মাজতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত প্ৰশাসন যন্ত্ৰক সক্ৰিয় কৰাৰ বাবে তৎপৰ হৈছে ৷

ডিব্ৰুগড়ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ল আয়কৰ ভৱন ৷ ডিব্ৰুগড় চহৰত পূৰ্বে থকা চি আৰ বিল্ডিঙক ন-ৰূপত সজাই নিৰ্মাণ কৰা হ'ল আয়কৰ ভৱন ৷ শুকুৰবাৰে এই অত্যাধুনিক ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বৰ্ডৰ অধ্যক্ষ নীতিন গুপ্তাই ৷ ৰাজ্যখনৰ সৰ্বাধিক ৰাজহ তথা কৰ প্ৰদান কৰা জিলাৰূপে পৰিচিত ডিব্ৰুগড়ত আয়কৰ ভৱনে নতুন ৰূপ পোৱাৰ লগে লগে আয়কৰ বিভাগৰ কাম-কাজত অধিক সুবিধাজনক হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

অন্যহাতে এই আয়কৰ ভৱনটো উদ্বোধনৰ পূৰ্বে ৰাজহ বিভাগৰ শীৰ্ষ বিষয়াগৰাকীয়ে চহৰখনৰ লাচিত নগৰত ২০ কোটি টকাৰে নিৰ্মাণ কৰা আৱাসিক কমপ্লেক্সটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ এই উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৱৰ প্ৰধান মুখ্য আয়কৰ আয়ুক্ত ৰাজু টায়েং, গুৱাহাটীৰ প্ৰধান আয়কৰ আয়ুক্ত এন লৌংৱাহ, শ্বিলঙৰ মুখ্য আয়কৰ আয়ুক্ত শ্ৰীকান্ত কুমাৰ অম্বষ্ট আদিকে ধৰি ভালেকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ৷ 

লগতে পঢ়ক : Assam Education Department: অসমৰ বিদ্যালয়ত এইবাৰ ই-টেক্সটবুক, টেলি-ক্লাছৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা শিক্ষা বিভাগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.