Woman gives birth to 6 kg baby: বৰপেটা চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ ওজন পৰীক্ষা কৰি হতভম্ব চিকিৎসক

By

Published : Feb 24, 2023, 8:19 AM IST

thumbnail

বৰপেটা ২৩ ফেব্ৰুৱাৰী: বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহস্পতিবাৰে দেখা গ'ল এক আজৱ ঘটনা(Barpeta Medical College Hospital) । এটি নৱজাতকক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল চিকিৎসা মহাবিদ্যালয় হাস্পতালখন । কিয়নো চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হয় ৬.৬ কেজি ওজনৰ এটি নৱজাতকৰ(Newborn Baby Having Birth Weight of 6 Kg) । বৃহস্পতিবাৰে চিকিৎসালয়খনত জন্ম লাভ কৰে অস্বাভাৱিক ওজনৰ নৱজাতকটিয়ে  ৷ 

জানিব পৰা মতে ধুবুৰী জিলাৰ মানকাচাৰৰ পিপলুবাৰী অঞ্চলৰ আলতাফ হুছেইনৰ পত্নী ৰহেলা খাতুনক বুধবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ প্ৰসৱজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক ৷ ইয়াৰ পিছতেই বৃহস্পতিবাৰে চিকিৎসালয়খনত এটি ৬.৬ কি:গ্ৰা: ওজনৰ এটি পুত্ৰ সন্তান প্ৰসৱ কৰে ৰহেলা খাতুন নামৰ প্ৰসূতিগৰাকীয়ে (Woman gives birth to 6 kg baby in Barpeta) ৷ 

৬.৬ কেজি ওজনৰ এটি নৱজাতক জন্ম হোৱাৰ খবৰটোৱে চিকিৎসালয়খনৰ চিকিৎসক-চিকিৎসা কৰ্মীৰ মাজত বিশেষ চৰ্চা লাভ কৰে ৷ সম্প্ৰতি আই চি ইউত থকা নৱজাতকটিৰ লগতে চিকিৎসালয়খনৰ সাধাৰণ কোঠাত থকা মাতৃগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । ইফালে, এটি সুস্থ-সবল দেৱশিশু লাভ কৰি পিতৃৰ লগতে পৰিয়ালৰ লোক সুখী বুলি উল্লেখ কৰে নৱজাতকটিৰ পিতৃয়ে । 

ইফালে চিকিৎসালয়খনত এই খবৰ বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় তীব্ৰ কৌতুহলৰ । চিকিৎসকসকলে এনে ঘটনা চিকিৎসালয়খনত কেতিয়াও হোৱা নাই বুলি উল্লেখ কৰে । চিকিৎসালয় কৰ্তৃপক্ষই জনাই যে এনে ঘটনা বিৰল । এশটা প্ৰসৱজনিত ঘটনাৰ ভিতৰত এনে ঘটনা কেতিয়াবাহে এটা ঘটে বুলি উল্লেখ কৰে চিকিৎসকসকলে । আনহাতে প্ৰায়েই বিতৰ্কৰ মাজত সোমাই থকা চিকিৎসালয়খনত শিশুটিক সুস্থৰূপে প্ৰসৱ কৰোৱাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে । 

লগতে পঢ়ক: Congress Slams BJP: চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী মোদী: কংগ্ৰেছৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.