Congress Slams BJP: চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী মোদী: কংগ্ৰেছৰ অভিযোগ

By

Published : Feb 23, 2023, 10:55 PM IST

thumbnail

যোৰহাট, 23 ফেব্ৰুৱাৰী: দেশজুৰি চৰ্চাত থকা আদানী-হিণ্ডেনবাৰ্গ বিতৰ্ক সন্দৰ্ভত পুনৰ সৰৱ হৈছে বিৰোধী দল কংগ্ৰেছ (Congress press meet) ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে এই বিষয় সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছ দলে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি যোৰহাটতো কংগ্ৰেছ জিলা কমিটীয়ে এক সংবাদমেল সম্বোধন কৰে (Jorhat district congress slams bjp) ৷  

এই সংবাদমেলখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) চৰকাৰৰ চলোৱাত চূড়ান্ত ব্যৰ্থ হৈছে বুলি জিলা কংগ্ৰেছৰ নেতৃত্বই কটাক্ষ কৰি কয়, "আমি সকলো সময়তে কান্ধত কান্ধ মিলাই জনসাধাৰণৰ লগত আছো, আছিলো আৰু থাকিম ৷ অসম তথা অসমবাসীৰ বাবে এয়া কঠিন সময় ৷ চৰকাৰে কিছুমান নিৰ্দ্দিষ্ট ব্যক্তি থকা ব্যৱসায়ীক পৃষ্ঠপোষকতা কৰা দেখা গৈছে ৷ চৰকাৰে কিছু পুঁজিপতিৰ লগত হাত মিলাই জনসাধাৰণৰ বাবে অহা পুঁজিৰে নিৰ্দ্দিষ্ট কিছু ব্যৱসায়ীক সহায় কৰি আহিছে ৷ দেশৰ এটা এটাকৈ সম্পদ উদ্যোগপতি গৌতম আদানীক বিক্ৰী কৰি দিছে । এফালৰ পৰাৰ দেশৰ মুল্যৱান সম্পদ, বিমানবন্দৰ, ৰেল আদি কৰি বিভিন্ন ৰাজহুৱা সম্পতি আদানি হাতত তুলি দিছে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।"

‘‘দেশৰ ত্ৰিশ শতাংশ বন্দৰ প্ৰকৃত মালিক কোন সেয়া কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কৰক ৷ কাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন নীতি নিয়ম সলনি কৰি আদানি হাতত ৰাজহুৱা সম্পত্তি তুলি দিছে সেয়া এক অবুজন সাঁথৰ’’ বুলি মত প্ৰকাশ কৰে জিলা কংগ্ৰেছে ৷ আনহাতে, চৰকাৰখন পুঁজিপতি স্বাৰ্থত কাম কৰাৰ বাবে দেশত ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে, ফলত নিম্ন- মধ্যবিত্ত লোক সকল বাৰুকৈ জুৰুলা হৈ পৰিছে ৷  এইক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ আৰ্থিক সাহস্য প্ৰদান কৰাৰ পোষকতা কৰাৰ নাই ।  

লগতে জিলা কংগ্ৰেছে অভিযোগ কৰি কয় যে, আজি দেশত নিৱনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, কিন্তু চৰকাৰে নিৱনুৱা সমস্যা সমাধানত চূড়ান্ত ৰূপে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে ৷ বৰ্তমান শিক্ষিত যুৱক-যুৱতীসকলে বেংক পৰাৰ এটা লোন পাবলৈ হাবাথুৰি খাব লগা হয় ৷ কিন্তু পুঁজিপতি সকলে সহজে লাভ কৰে ৷

উল্লেখ্য যে আদানীৰ ক'লা সাম্ৰাজ্যৰ কথা পোহৰলৈ অহাৰ পিচতে বিৰোধী দল সমূহে মোদী তথা কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ সমালোচনাই থকা সৰকা কৰি আহিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সদনত এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰিছিল ৷ যোৰহাট জিলা কংগ্ৰেছে আয়োজন কৰা সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি কংগ্ৰেছৰ অনন্য বিষয়ববীয়া সকল উপস্থিত থাকে (Jorhat district congress press meet) ৷

লগতে পঢ়ক: World Book Fair 2023 : ২৫ ফেব্ৰুৱাৰীত বিশ্ব গ্ৰন্থমেলা উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.