77th Independence Day: আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰঙিয়াত পথ উদ্বোধন

By

Published : Aug 14, 2023, 9:44 PM IST

thumbnail

ৰঙিয়া, 14 আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ক্ষণ ৷ আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰঙিয়াত পথৰ উদ্বোধন কৰে। ৰঙিয়া নগৰৰ ৪ নং ৱাৰ্ডৰ ৰঙিয়া আৰ ডি ৰোড-২নং পুলিচ পইণ্ট সংলগ্ন হৈ ৰঙিয়া আৰক্ষী থানালৈ যোৱা উপ পথছোৱাৰ উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । নতুন ৰূপত নিৰ্মাণ কৰি বহলীকৰণৰ দ্বাৰা ৰঙিয়াত তীব্ৰ যান-জঁটৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছে এই পথটো । 

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত অটল পথ ৰূপে নামকৰণ কৰা হৈছে পথটোক । পথটো মুকলি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, সপ্তাহৰ দুটা দিন অৰ্থাৎ শনিবাৰ আৰু দেওবাৰৰ দিনটোত পথটো no entry zone কৰি ৰাইজৰ বাবে খোজ কঢ়া, শিশুসকলে খেল ধেমালি কৰাৰ সুবিধা গঢ়ি তোলা হ’ব।

লগতে পঢ়ক:Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.