Elephants Appointed at KNP : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন কৰ্মচাৰী ধনমালা, সোণমলা আৰু কাঞ্চন

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 8:51 AM IST

thumbnail

কলিয়াবৰ, 26 অক্টোবৰ : অৱশেষত হাঁহি বিৰিঙিছে ধনমালা, সোণমলা আৰু কাঞ্চনৰ পৰিয়ালৰ সদস্যৰ মুখত ৷ কিয়নো ধনমালা, সোণমলা আৰু কাঞ্চনে এইবাৰ লাভ কৰিলে চাকৰি ৷ চাকৰিত যোগদান কৰিবলৈ পুৱাই নিজৰ গন্তব্য স্থানলৈ আহিছে ধনমালা, সোণমলা আৰু কাঞ্চন ৷ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাকৰিত যোগদান কৰিব ধনমালা, সোণমলা আৰু কাঞ্চনে ৷

অ’ পিছে ৰ’ৱ ৷ আমি উল্লেখ কৰা ধনমালা, সোণমলা আৰু কাঞ্চন পিছে কোনো মানুহৰ নাম বুলি ভুল নাযাব ৷ ধনমালা, সোণমলা আৰু কাঞ্চন হৈছে একো একোটা হাতীৰ নামহে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেশী-বিদেশী পৰ্যটকৰ সেৱাৰ বাবে নকৈ নিযুক্তি লাভ এই তিনিটা হাতীয়ে ।

ইতিমধ্যে চাকৰিত যোগদান কৰিবৰ বাবে এই হাতী তিনিটা মঙলদৈ আৰু বাইহাটা চাৰিআলিৰ পৰা ৰাওনা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ । চম্পা, ৰঙিলী, বনমালাহঁতৰ সৈতে কাম কৰিব এইবাৰ ধনমালা, সোণমলা আৰু কাঞ্চনেও ।

লগতে পঢ়ক : Ravana Dahan at Kharupetia : খাৰুপেটীয়াত দহন প্ৰায় ৬০ ফুট উচ্চতাৰ‌ ৰাৱণৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.