New born baby recovers: জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট ঘটনা, শিশু দিৱসৰ দিনাই পিটনিত উদ্ধাৰ নৱজাতক

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 11:23 AM IST

thumbnail

যোৰহাট, 14 নৱেম্বৰ : সভ্য সমাজক লজ্জানত কৰি যোৰহাটত জঘন্য ঘটনা ৷ মঙলবাৰে যোৰহাটৰ তৰাজানৰ কাকতি গাঁৱৰ সেউজ নগৰত শিশু দিৱসৰ দিনাই এটা নৱজাতকক উদ্ধাৰ কৰা হয়। এটা মোনাত ভৰাই সেউজ নগৰৰ কঁচুৰ পিটনিত নৱজাতকটিক পেলাই থৈ গৈছিল কোনো লোকে। শিশুটিৰ কান্দোন শুনি স্থানীয় ৰাইজে নৱজাতকটিক পিটনিৰ পৰা উদ্ধাৰ কৰে ৷ 

লগে লগে স্থানীয় ৰাইজে এই ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৱজাতকটিক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ লৈ যায় ৷ উদ্ধাৰ কৰা নৱজাতকটি সোমবাৰে পুৱতি নিশা পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ কোনো দুষ্ট দম্পতীৰ অসৎ চৰিতাৰ্থৰ ফলতে নৱজাতকটিক এইদৰে পেলাই দিয়ে বুলি ধাৰণা কৰিছে স্থানীয় লোকে ৷ এই ঘটনাৰ পিচতে অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Youth stabbed to death : যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.