Women drugs peddler: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৰে’লৱে আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 2:18 PM IST

thumbnail

বঙাইগাঁও, 21 অক্টোবৰ : সলনি হৈছে ড্ৰাগছ সৰবৰাহৰ পদ্ধতি । আৰক্ষী যদি ডালে ডালে সৰবৰাহকাৰী আকৌ পাতে পাতে । আগৰতলাৰ পৰা পাটনালৈ ড্ৰাগছ সৰবৰাহ কৰি থাকোতে এইবাৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী ।

নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি কৰায়ত্ত কৰে দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰীক । নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী এই দুই মহিলাক । ১৬ টা চাবোনৰ পেকেটত প্ৰায় ১৭৬ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে মহিলাৰ দুগৰাকীৰ পৰা । বিভিন্ন কৌশল অৱলম্বন কৰি সৰবৰাহ কৰি লৈ গৈ আছিল ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ আনুমানিক মূল্য ৪৫ লাখ বুলি ধাৰণা কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে চৰকাৰী ৰে’ল আৰক্ষীয়ে ৷

লগতে পঢ়ক : Meghalaya police seized drugs:ড্ৰাগছ সৰবৰাহৰ ক’লা বজাৰে ছানি ধৰিছে ৰাজ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.