মাটিতকৈ খুৰাক ডাঙৰ নহয়

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 12:27 PM IST

thumbnail

বঙাইগাঁও, 11 জানুৱাৰী : বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰ গাঁৱত শিক্ষক আব্দুল মজিদক নিজৰ ভতিজা হাছেন আলীয়ে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, হৰিৰচৰ গাঁৱৰ আব্দুল মজিদ আৰু ভতিজা হাছেন আলীৰ মাজত দীৰ্ঘদিন ধৰি মাটিক লৈ কাজিয়া হৈ আছিল । মাটিৰ বাবেই দুয়োপক্ষৰ মাজত মাজে সময়ে মাৰপিটো হৈছিল ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, মজিদ আলীয়ে নিজৰ মাটিত পুখুৰী খান্দি আছিল আৰু তাতে দেৱাল নিৰ্মাণ কৰি আছিল আব্দুল মজিদে । ভতিজা হাছেন আলীয়ে নিশা দেৱাল ভাঙি দিয়াৰ লগতে খুৰাকৰ ঘৰৰ পৰা সামগ্ৰী চুৰি কৰে । বুধবাৰৰ নিশা আব্দুল মজিদে পহৰা দি থাকে যদিও পুৱতি নিশা হাছেন আলীয়ে পুখুৰীৰ পাৰত উপস্থিত হৈ আব্দুল মজিদক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে । ইমানেই নহয় আব্দুল মজিদৰ পুত্ৰক দাৰে আক্ৰমণ কৰে । চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া ওলাই আহি হাছেন আলীক কৰায়ত্ত কৰে আৰু আব্দুল মজিদক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰ ফলত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : চাহ বাগিচাৰ যুৱকক হত্যা, মৃতদেহ লৈ থানাৰ সন্মুখত প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.