Road accident in Narayanpur: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নাৰায়ণপুৰ থানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ

By

Published : Nov 7, 2022, 12:50 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ চৌহদত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation in Narayanpur) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হৈছিল ধলপুৰ ভেলাইমৰাৰ অৱসৰপ্ৰাপ্ত চিকিৎসাকৰ্মী ফটিক শইকীয়া । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ট্ৰেফিক পইন্টত ট্ৰেফিক নথকাৰ বাবেই এই দুৰ্ঘটনাটোত সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ফলত ক্ষুব্ধ ৰাইজে ট্ৰেফিক অৰ্থাৎ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঘেৰাও কৰে থানাৰ চৌহদ (Narayanpur police station gheraoed over road accident)। ক্ষুব্ধ ৰাইজে যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে দোকানত বহিয়েই নিজৰ কৰ্তব্য পালন কৰে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ৰাইজে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.