Assam HSLC Result 2023 : প্ৰতিবন্ধকতাক নেওচি উজলি উঠিল নামৰূপৰ প্ৰীতম গগৈ

By

Published : May 24, 2023, 3:44 PM IST

thumbnail

নামৰূপ, 24 মে’: প্ৰৱল ইচ্ছা শক্তি আৰু আগ্ৰহ থাকিলে অসম্ভৱো সম্ভৱ হৈ উঠিব পাৰে ৷ তাৰেই উদাহৰণ দাঙি দেখুৱাবলৈ সক্ষম হ’ল নামৰূপৰ মেধাৱী ছাত্ৰ প্ৰীতম গগৈ ৷ লক্ষ্য যদি স্থিৰ থাকে তেন্তে সফলতা হাতৰ মুঠিত ৷ এই কথাষাৰকে যেন পুনৰ এবাৰ প্ৰমাণ কৰিলে প্ৰীতম গগৈয়ে (Especially able student Pritom Gogoi achievement) ৷  

আনৰ সহায় নোলোৱাকৈ একোৱেই কৰিব নোৱাৰা প্ৰীতমে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত  ষ্টাৰ মাৰ্কসহ উত্তাৰ্ণ হৈছে ৷ তিনিটাকৈ বিষয়ত লাভ কৰিছে লেটাৰ মাৰ্ক ৷ ছবছৰ বয়সৰ পৰাই মাংসপেশীৰ এক জটিল ৰোগত আক্ৰান্ত প্ৰীতমে দৈনন্দিন সকলো কাম-কাজ কৰিব লগা হয় পিতৃ-মাতৃৰ সহায়ত ৷ লিখিবলৈ লোৱাৰ সময়তো প্ৰীতমক হাতৰ মুঠিত পিতৃ-মাতৃয়ে ধৰাই দিব লগা হয় কলম (Assam HSLC Result 2023) ৷  

পৰীক্ষাগৃহত পিতৃৰ বোকোচাত উঠি উপস্থিত হোৱা ছাত্ৰজনক আনকি লিখা হোৱাৰ পাছত পৃষ্ঠাখন সলনি কৰি দিব লগা হয় পৰীক্ষা নিৰীক্ষকে ৷ কিন্তু জীৱনৰ সকলো প্ৰত্যাহ্বান নেওচি, প্ৰৱল ইচ্ছা শক্তি আৰু আত্মবিশ্বাসেৰে তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্কলৈ প্ৰীতম গগৈ উজ্বলি উঠিল ৷ প্ৰীতমৰ এই সফলতাৰ আঁৰত আছে প্ৰচুৰ মানসিক শক্তি আৰু পুত্ৰক মানুহৰূপে গঢ়াৰ পিতৃ-মাতৃৰ অপৰিসীম প্ৰচেষ্টা ৷ বি.ভি.এফ.চি মডেল হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰীতমৰ কলা শাখাত উচ্চতৰ মাধ্যমিক পঢ়াৰ ইচ্ছা ৷

লগতে পঢ়ক: Assam HSLC Result 2023 : HSLC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল বিশেষভাৱে সক্ষম ছাত্ৰ হাচানুল মাজিদ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.