Assam HSLC Result 2023 : HSLC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল বিশেষভাৱে সক্ষম ছাত্ৰ হাচানুল মাজিদ

By

Published : May 24, 2023, 11:03 AM IST

thumbnail

বঢ়মপুৰ, ২৩ মে’ : এজন ব্যতিক্ৰমী মেধাৱী ছাত্ৰ । নাম হাচানুল মাজিদ । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ছাত্ৰজন (Nagaon especially able student Hachanul Majid achievement)৷ বিশেষভাৱে সক্ষম ছাত্ৰজনে জন্মৰ পৰাই কথা কোৱাৰ বাদে নিজে একো কৰিব নোৱাৰা ৷ কিন্তু প্ৰৱল ইচ্ছা শক্তি আৰু আগ্ৰহ থাকিলে সকলো অসম্ভৱো যে সম্ভৱ হৈ উঠে তাৰে উদাহৰণ দাঙি দেখুৱাবলৈ সক্ষম হৈছে হাচানুল মাজিদে ৷

কামপুৰ কচুৱা সাতলুঙাৰ মজিবুৰ ৰহমান আৰু হাচিনা ইয়াচমিনৰ একমাত্ৰ পুত্ৰৰ হাচানুল মাজিদৰ এই ফলাফলত এতিয়া গৌৰৱান্বিত পিতৃ-মাতৃ (Assam HSLC Result 2023) ৷ হাচানুলৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি, লিখকৰ (Writter) সহায়ত HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল হাচানুল ৷ ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ সপোন বিশেষভাৱে সক্ষম এই মেধাৱী ছাত্ৰ হাচানুলৰ । সেয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ সহায় বিচাৰিছে হাচানুল মাজিদৰ লগতে তেওঁৰ পিতৃ-মাতৃয়েও ৷

লগতে পঢ়ক : HSLC Result 2023: শাৰীৰিক অসুস্থতাকো আওকান কৰি সফলতাৰে গৌৰৱ কঢ়িয়ালে টীয়কৰ প্ৰবালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.